ETV Bharat / state

চিকিৎসা বিভাগ স্বৰূপ উদঙাইছে কৰিমগঞ্জৰ এখন চিকিৎসালয়ে - NO DOCTOR IN KARINGANJ'S DURLAVCHERRA MODEL HOSPITAL

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ে ৷ কেবল আন্তঃগাথঁনিৰ উন্নয়ণৰে স্বাস্থ্যখণ্ডলৈ ব্যাপক পৰিবৰ্তন অনা বুলি দাবী কৰা চৰকাৰখনৰ দিনতে চিকিৎসক অবিহনে চলিছে এইখন চিকিৎসালয় ৷

স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ে
author img

By

Published : Nov 2, 2019, 8:57 PM IST

কৰিমগঞ্জ, 2 নবেম্বৰ: কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ত বৃহৎ অট্টালিকা সহ আন আন সকলো সা-সুবিধা থকা মডেল চিকিৎসালয় খনত এই পৰ্যন্ত নাই এজনো স্থায়ী চিকিৎসক । ফলত খালি হৈ আছে চিকিৎসালয়খনৰ দুটাকৈ কোৱাৰ্টাৰ । তিনি মাহ পূৰ্বলৈকে এগৰাকী মহিলা চিকিৎসক আছিল যদিও তেঁও ডেপুটেচনত অন্য ঠাইলৈ যাব লগা হয় ৷ তেতিয়াৰ পৰাই বৃহত্তৰ অঞ্চলৰটোৰ ৰাইজৰ চিকিৎসাৰ বাবে থকা একমাত্ৰ চিকিৎসালয়খন অচল হৈ পৰিছে ৷ ফলত অঞ্চলৰটোৰ ৰাইজে ভুগিবলগা হৈছে চৰম দূৰ্ভোগ । প্ৰতিদিনে এজন চিকিৎসক আহি দিনৰ ১ বজালৈকে ৰোগী চাই গুচি যায় । ইয়াৰ পাছত অঞ্চলৰটোৰ ৰাইজৰ বাবে নাথাকে চিকিৎসা সেৱা ।

স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ে

বিশাল অট্টালিকাটোৰ বিভিন্ন বিভাগত সৰ্বত্ৰে বিৰাজ কৰিছে শূন্যতা । চিকিৎসকৰ বাহিৰেও 6 গৰাকী নাৰ্চ থকাৰ কথা জানিব পৰা গৈছে যদিও কৰ্তব্যত এগৰাকী নাৰ্চৰ বাহিৰে বেলেগ কাকো দেখা নগ'ল ৷ চিকিৎসালয়খনত থকা এগৰাকী নাৰ্চ আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মীয়ে ড্ৰেছিংৰ কাম কৰা পৰিলক্ষিত হয় । তেঁওলোকে জানিবলৈ দিয়ে যে, চিকিৎসালয়খনত নাই কোনো স্থায়ী চিকিৎসক, নাই ড্ৰেছাৰ ৷ এনেদৰেই নাৰ্চ আৰু চতুৰ্থ বৰ্গৰ কৰ্মীচাৰীগৰাকীয়ে মিলি কৰিব লগা হয় ড্ৰেছিং । ইপিনে দিনৰ 1 বজাৰ পিছত চিকিৎসালয়খনত কোনো চিকিৎসক নথকাৰ ফলত জৰুৰীকালীন পৰিস্থিতিত দূৰণিবটীয়া চিকিৎসালয়লৈ লৈ যাব লগা হয় ৰোগীক ৷

লগতে পঢ়ক: বটদ্ৰৱাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

Intro:দুলভচৰা চৰকাৰী হাস্পাতালৰ পঁয়ালগা দৃশ্যBody:SLUG: NO DOCTORS ON MODEL HOSPITAL, SCRIPT, KARIMGANJ
এটি মডেল চিকিতিসালয়ৰ পয়ালগা ছবি । বৃহত্ অট্টালিকা সহ আন আন সকলো সুবিধা থকা মডেল চিকিত্সলায়টোত প্ৰকৃততে নাই এজনো চিকিত্সক । এগৰাকি নাৰ্চ আৰু চতুৰ্থ শ্ৰেনীৰ কৰ্মাচাৰিৰ বাহিৰে আন কোনও বিভাগতে নাই চিকিত্সক কৰ্মচাৰি । নিয়ম অনুসৰি মডেল চিকিত্সালয়ত দুজনকৈ স্থায়ী চিকিত্সক থকাৰ কথা থাকিলেও চিকিত্সকৰ কোৱাৰ্টাৰো বহু দিনৰ পৰা খালি হৈ আছে ।
এয়া কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্ঠিৰ দূৰ্লভছড়া মডেল চিকিত্সালয় । বৃহত্ অট্টালিকা সহ আন আন সকলো সা-সুবিধা থকা মডেল চিকিত্সলায়টোত বৰ্তামানে নাই এজনো স্থায়ী চিকিত্সক । চিকিত্সালয়ৰ দুটাকৈ কোৱাৰ্টাৰ খালি হৈ আছে । তিনি পূৰ্বলৈকে এগৰাকি মহিলা চিকিত্সক থাকিলেও তেঁওও ডেপুটেচনত বেলেগ ঠাইত গুছি গৈছে । তেতিয়াৰ পৰাই বৃহত্তৰ এলাকাৰ ৰাইজৰ একমাথৌ চিকিত্সালয়খন মৃতপ্ৰায় হৈ উঠিছে । এলাকাৰ ৰাইজে ভূগিবলগা হৈছে চৰম দূৰ্ভোগ । বেলেগ চিকিত্সালয়ৰ পৰা প্ৰতিদিনত এজন চিকিত্সক আহি দিনৰ ১টা বজালৈকে ৰোগী চাই গুচি যায় । ইয়াৰ পাছতেই এলাকাৰ ৰাইজৰ বাৱে কোনও উপায় নেথাকে । বিশাল অট্টালিকাৰ বিভিন্ন বিভাগৰ সৰ্বত্ৰে বিৰাজ কৰি আছিল এক শূন্যতাৰ । তিকিত্সকৰ বাহিৰেও ৬গৰাকি নাৰ্চ থকাৰ কথা জনালেও কৰ্তব্যত এই গৰাকি নাৰ্চৰ বাহিৰে আন কাকো অবশ্য আমাৰ দৃষ্টিগোচৰ নহল । চিকিত্সালয়টোত থকা একমাথৌ এগৰাকি নাৰ্চ আৰু এগৰাকি চতুৰ্থ বৰ্গৰ কৰ্মীয়ে ড্ৰেছিংৰ কাম কৰা পৰিলক্ষিত হয় । তেঁওলোকে জনায় চিকিত্সালয়ত নাই কোনও স্থায়ী চিকিত্সক । নাই ড্ৰেছাৰ, এনেদৰেই নাৰ্চ আৰু চতুৰ্থ বৰ্গৰ কৰ্মীয়ে মিলি কৰিবলগা ড্ৰেছিং । ৰোগীৰ আত্মীয়য় দূৰ্ভোগৰ কথা ডাঙি ধৰি কয়, দিনৰ এটাৰ পাছত ইয়াতে নেথাকে কোনও বহিৰাগত চিকিত্সক । মুমুৰ্ষ ৰোগীক লৈ যাবলগা হয় বেলেগ টাইত । সমষ্ঠিত থকা আন এখন ৰাতাবাড়ি মডেল চিকিত্সালয়ৰো অবস্থা একে বুলি জনায় ৰাইজে ।

Conclusion:নাই চিকিৎসা পৰিছেৱা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.