ETV Bharat / state

নাগালেণ্ডত উদ্ধাৰ অসমৰ ব্যৱসায়ীৰ মৃতদেহ - কৰিমগঞ্জ সমষ্টিৰ ব্ৰাহ্মণ শাসন এলেকা

নাগালেণ্ডৰ মন জিলাত অসমৰ এজন ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ব্যৱসায়ীক লেন-দেনৰ বাবে পিতা-পুত্ৰই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

Murder at nagaland
মৃত জহিৰ উদ্দিন
author img

By

Published : May 1, 2020, 12:56 PM IST

দক্ষিণ কৰিমগঞ্জ, 1 মে' : বৃহস্পতিবাৰে সন্ধিয়া নাগালেণ্ডত এজন অসমীয়া ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইফতাৰৰ সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাৰ সময়ত মন জিলাত উদ্ধাৰ কৰা হয় জহিৰ উদ্দিনৰ মৃতদেহ ৷ মৃত লোকজনৰ ঘৰ অসমৰ কৰিমগঞ্জ সমষ্টিৰ ব্ৰাহ্মণ শাসন এলেকাত বুলি জানিব পৰা গৈছে ৷ ব্যৱসায়ী সূত্ৰে দীৰ্ঘদিনৰ পৰাই নাগালেণ্ডত বসবাস কৰিছিল লোকজন ৷ জহিৰ উদ্দিনৰ পৰিয়ালৰ অভিযোগ অনুসৰি কৰিমগঞ্জৰ চৰগোলাৰ আব্দুল লতিফ আৰু তেওঁৰ পুত্ৰই হত্যা কৰিছে লোকজনক ৷ ব্যৱসায়ীক লেন-দেনৰ বাবে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ ৷ ইতিমধ্যে এম্বুলেঞ্চ যোগে জহিৰৰ মৃতদেহ নিজ ঘৰলৈ অনাৰ ব্যবস্থা কৰা হৈছে । আনহাতে হত্যাকাণ্ডৰ লগত জড়িত পিতা-পুত্ৰকো আটক কৰা হৈছে বুলি জহিৰ উদ্দিনৰ ভাতৃয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : কৰিমগঞ্জত জিলাখনৰ দ্বিতীয় গৰাকী লোক আক্ৰান্ত COVID-19ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.