কৰিমগঞ্জ, ৩১ মে': কৰিমগঞ্জ চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ ঘটনা । চহৰৰ ঘাটলাইন এলেকাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়দ্বীপ দাস নামৰ লোকজনক । জানিব পৰামতে, সুগম ট্ৰান্সপৰ্টৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল নিহত জয়দ্বীপ দাস। সন্ধিয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত কৰে দুৰ্বৃত্তৰ দলে ৷
ঘটনা সৰ্ম্পকে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও কোনো শুং-সূত্ৰ লাভ কৰিব পৰা নাই ৷ কোনে কি কাৰণে ব্যক্তিগৰাকীক এইদৰে হত্যা কৰিলে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷