কৰিমগঞ্জ 6 মেঃ আজিও ন্যায়ৰ অপেক্ষাত এগৰাকী নাবালিকা ৷ ন্যায় বিচাৰি প্ৰতিদিনেই আৰক্ষী থানালৈ গৈছে নিৰ্যাতিতা নাবালিকাৰ পৰিয়াল ৷ আৰক্ষী বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ ৷ ঘটনাৰ স্থান অসম ত্ৰিপুৰাৰ সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ ৷ উল্লেখ্য যে কদমতলা অঞ্চলৰ ছানম উদ্দিন নামৰ এগৰাকী লোকে নাবালিকাক প্ৰেমৰ জালত পেলাই বিয়া পতাৰ উদ্দেশ্যৰে ঘৰৰ পৰা পলুৱাই লৈ গৈছিল যোৱা 2 এপ্ৰিল তাৰিখে ৷ কিন্তু ছানম উদ্দিনৰ পূৰ্বৰে পৰা আছিল দুগৰাকী পত্নী ৷ পিচত নাবালিকা গৰাকীয়ে প্ৰেমত প্ৰতাৰিত হোৱা বুলি গম পাই ঘৰলৈ উভতি যাবলৈ বিচাৰত অভিযুক্ত ছানম উদ্দিনে বেলেগ এটা ঘৰত নাবালিকা গৰাকীক আৱদ্ধ কৰি ৰাখি প্ৰায় 3/4 দিন ধৰি আন তিনি বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰে। অৱশেষত নাবালিকা গৰাকীয়ে সুযোগ বুজি পলাই যাবলৈ সক্ষম হয় ৷ এই সকলো ঘটনা গম পাই পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে ধৰ্ষণকাৰী দলটোক আটক কৰা নাই ৷
কদতমতলাত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত
আৰক্ষীয়ে এতিয়াও আটক কৰা নাই ধৰ্ষণকাৰী কেইটাক ৷ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ
কৰিমগঞ্জ 6 মেঃ আজিও ন্যায়ৰ অপেক্ষাত এগৰাকী নাবালিকা ৷ ন্যায় বিচাৰি প্ৰতিদিনেই আৰক্ষী থানালৈ গৈছে নিৰ্যাতিতা নাবালিকাৰ পৰিয়াল ৷ আৰক্ষী বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ ৷ ঘটনাৰ স্থান অসম ত্ৰিপুৰাৰ সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ ৷ উল্লেখ্য যে কদমতলা অঞ্চলৰ ছানম উদ্দিন নামৰ এগৰাকী লোকে নাবালিকাক প্ৰেমৰ জালত পেলাই বিয়া পতাৰ উদ্দেশ্যৰে ঘৰৰ পৰা পলুৱাই লৈ গৈছিল যোৱা 2 এপ্ৰিল তাৰিখে ৷ কিন্তু ছানম উদ্দিনৰ পূৰ্বৰে পৰা আছিল দুগৰাকী পত্নী ৷ পিচত নাবালিকা গৰাকীয়ে প্ৰেমত প্ৰতাৰিত হোৱা বুলি গম পাই ঘৰলৈ উভতি যাবলৈ বিচাৰত অভিযুক্ত ছানম উদ্দিনে বেলেগ এটা ঘৰত নাবালিকা গৰাকীক আৱদ্ধ কৰি ৰাখি প্ৰায় 3/4 দিন ধৰি আন তিনি বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰে। অৱশেষত নাবালিকা গৰাকীয়ে সুযোগ বুজি পলাই যাবলৈ সক্ষম হয় ৷ এই সকলো ঘটনা গম পাই পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে ধৰ্ষণকাৰী দলটোক আটক কৰা নাই ৷
বিয়াৰ প্ৰলোভন দেখুৱাই এগৰাকী নাবালিকাৰ লগত সংঘটিত হৈছিল জঘন্য ঘঠনা । প্ৰতাৰক প্ৰেমিকৰ সহযোগত আন তিনিজন যুৱকে নাবালিকা কিশোৰীক কৰিছিল দলবদ্ধ ধৰ্ষন । প্ৰতাৰকৰ কৱলৰ পৰা কোনোমতে পলাই আৰক্ষীৰ সৰনাপন্ন হোৱাৰ পিছতো আজি লৈকেও মুকলি আকাশৰ তলত ঘুৰি ফুৰি আছে ধৰ্ষণকাৰী দলটো । আৰক্ষীৰ বিৰুদ্ধেও উত্থাপন হৈছে দায়িত্ব হীনতাৰ অভিযোগ । ন্যায় বিচাৰি প্ৰায় প্ৰতিদিনাই থানাৰ দুৱাৰত গৈছে নিৰ্যাতিতা কিশোৰীৰ পৰিয়াল ।
ঘঠনা অসম ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ । আৰু এই ঘটনাই এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ ।
বিবৰন অনুসৰি কদমতলা এলেকাৰ ছানম উদ্দিন নামৰ এগৰাকী লম্পটে এজনি ছোৱালীক প্ৰেমৰ জালত ফচাই বিয়া পতাৰ উদ্দেশ্যৰে ঘৰৰ পৰা উলিয়াই লৈ গৈছিল যোৱা এপ্ৰিল মাহৰ দুই তাৰিখে । পিছে যুৱকৰ ঘৰত পূৰ্বৰে পৰাই আছিল আন দুজনী পত্নী । নাবালিকা কিশোৰী গৰাকীয়ে প্ৰতাৰিত হোৱা বুলি উমান পাই পলাই যাবলৈ বিচাৰিলে লম্পট ছানম উদ্দিনে আন এখন ঘৰত কিশোৰী গৰাকীক আৱদ্ধ কৰি ৰাখি প্ৰায় 3/4 দিন আন তিনি বন্ধুক লগত লৈ ধৰ্ষণ কৰে । এটা সময়ত সুযোগ পাই কিশোৰী গৰাকী পলাই যাবলৈ সক্ষম হয় । পিছে পৰিয়ালৰ সহযোগত কদমতলা আৰক্ষী থানাত এখন গোচৰ কৰিলেও আৰক্ষীয়ে ৰহস্য জনক কাৰনে আজিলৈকে ধৰ্ষণকাৰী দলটোক আটক নকৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতনৰ চিকাৰ নাবালিকা কিশোৰীৰ মাতৃয়ে ।
Byte: victim and mother &police
Conclusion:পিছে আৰক্ষীয়ে এতিয়া কি ভূমিকা লয় এয়া হব লক্ষ্যণীয়