দক্ষিণ কৰিমগঞ্জ, 12 নৱেম্বৰ : প্ৰায় বিশ দিন ধৰি বন্ধ অৱস্থাত আছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে সমস্যাত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল ৷ শিক্ষাৰ বাবে প্ৰতিবাদত নামিবলগীয়া হ'ল কণ কণ ছাত্ৰ ছাত্ৰী ৷ দুজন শিক্ষকৰে চলি থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক এন আৰ চিৰ দায়িত্বত থকা অৱস্থাতে সহকাৰী শিক্ষকো বৰ্তমান ছুটিত থকা বাবে দীৰ্ঘ দিন ধৰি বন্ধ অৱস্থাত আছে বিদ্যালয়খন ৷ যাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকল। কিছু দিনৰ ভিতৰতে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব গুণোৎসৱ ৷ এতিয়া প্ৰশ্ন হয় দীৰ্ঘদিন ধৰি বন্ধ থকা বিদ্যালয়খনত শিক্ষা বিভাগে কেনেদৰে অনুষ্ঠিত কৰিব গুণোৎসৱ ? ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া মাধৱ সাহাই কিদৰে একমাত্ৰ সহকাৰী শিক্ষক গৰাকীৰ ছুটি মঞ্জুৰ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷
দীৰ্ঘদিন ধৰি তলা ওলমি থকা কৰিমগঞ্জৰ এখন বিদ্যালয়! - কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031 নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয়
বিগত বিশদিন ধৰি বন্ধ অৱস্থাত আছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে সমস্যাত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল ৷

দক্ষিণ কৰিমগঞ্জ, 12 নৱেম্বৰ : প্ৰায় বিশ দিন ধৰি বন্ধ অৱস্থাত আছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে সমস্যাত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল ৷ শিক্ষাৰ বাবে প্ৰতিবাদত নামিবলগীয়া হ'ল কণ কণ ছাত্ৰ ছাত্ৰী ৷ দুজন শিক্ষকৰে চলি থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক এন আৰ চিৰ দায়িত্বত থকা অৱস্থাতে সহকাৰী শিক্ষকো বৰ্তমান ছুটিত থকা বাবে দীৰ্ঘ দিন ধৰি বন্ধ অৱস্থাত আছে বিদ্যালয়খন ৷ যাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকল। কিছু দিনৰ ভিতৰতে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব গুণোৎসৱ ৷ এতিয়া প্ৰশ্ন হয় দীৰ্ঘদিন ধৰি বন্ধ থকা বিদ্যালয়খনত শিক্ষা বিভাগে কেনেদৰে অনুষ্ঠিত কৰিব গুণোৎসৱ ? ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া মাধৱ সাহাই কিদৰে একমাত্ৰ সহকাৰী শিক্ষক গৰাকীৰ ছুটি মঞ্জুৰ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷
দীৰ্ঘ দিন ধৰি তলা উলমি আছে বিদ্যালয়ত । প্ৰতিবাদত সৰব কন কণ ছাত্ৰ ছাত্ৰীৰ লগত অভিবাবক ।
শিক্ষাৰ বাবে কন কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ । এই ঘঠনা কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031 নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ । বিদ্যালয়ত দুজন শিক্ষক আছিল, তথাপিও আজি প্ৰায় কুৰি দিন শিক্ষানুষ্ঠান বন্ধ অবস্থাত আছে । প্ৰধান শিক্ষক এনআৰচিৰ দায়িত্বত থকা অবস্থাত একমাত্ৰ সহকাৰী শিক্ষক বৰ্তমানে ছুটিত । যাৰ ফলত দীৰ্ঘ দিন ধৰি বন্ধ অবস্থাত আছে এইখন বিদ্যালয়, সেয়ে শিক্ষাৰ পৰা বঞ্চিত হব লগিয়া হৈছে কন কন ছাত্ৰ ছাত্ৰী সকল । বিশেষকৈ কিছু দিনৰ ভিতৰত শিক্ষা বিভাগে অনুষ্ঠিত কৰিব গুনউতসৱ । যাৰ ফলত আজি বিদ্যালয় চৌহদত অভিবাবক আৰু ছাত্ৰ ছাত্ৰী সকল প্ৰতিবাদত উত্তাল হৈ পৰে । প্ৰশ্ন উত্থাপিত হৈছে ৰামকৃষ্ণনগ শিক্ষা খন্ডৰ বিইও মাধব সাহাই কিদৰে একমাত্ৰ সহকাৰী শিক্ষকৰ ছুটিৰ মঞ্জুৰী দিলে ?
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion: