ETV Bharat / state

বন্দে ভাৰত মিছনৰ জৰিয়তে উভতিল 95 গৰাকী ভাৰতীয়

author img

By

Published : Jul 17, 2020, 4:52 PM IST

বন্দে ভাৰত মিছনৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ উভতিল 95 গৰাকী ভাৰতীয় ৷ ৰাজ্যৰ 13 খন জিলাৰ পৰ্যটক আৰু শিক্ষাৰ্থীসকলে দীৰ্ঘদিন ধৰি লক ডাউনৰ বাবে বাংলাদেশত আবদ্ধ হৈ আছিল ৷

পৰ্যটক আৰু শিক্ষাৰ্থী
বন্দে ভাৰত মিছনৰ জৰিয়তে উভতিল 95 গৰাকী ভাৰতীয়

কৰিমগঞ্জ, 17 জুলাই : আজি পুনৰ 95 গৰাকী ভাৰতীয়ক বন্দে ভাৰত মিছনৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ উভতাই অনা হয় | বন্দে ভাৰত মিছনৰ অধীনত উভতি অহা লোকসকল কৰিমগঞ্জ,বৰপেটা,গোৱালপাৰাসহ অসমৰ মুঠ 13 খন জিলাৰ পৰ্যটক আৰু শিক্ষাৰ্থী | উভতি অহা শিক্ষাৰ্থী আৰু পৰ্যটকসকল দুয়ো দেশৰ লক ডাউনৰ বাবে বাংলাদেশত আবদ্ধ হৈ পৰিছিল |

দুয়ো দেশৰ বিদেশ মন্ত্ৰণালয় আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত আলোচনাৰ পিছত কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তইদি তেওঁলোকক ভাৰতত প্ৰৱেশ কৰোৱা হয় | উল্লেখ্য যে,বন্দে ভাৰত আঁচনিৰ অধীনত সুতাৰকান্দি সীমান্তইদি বৰ্তমান পৰ্যন্ত মুঠ 174 গৰাকী ভাৰতীয় দেশলৈ উভতি আহিছে ৷

লগতে পঢ়ক : নগাঁৱত আগষ্টৰ ভিতৰত 2,500 লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.