কৰিমগঞ্জ,4 জানুৱাৰীঃ অসমৰ বজাৰত মেঘালয়ৰ নকল সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত আছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সহজলভ্য হৈ পৰিছে এতিয়া মেঘালয়ৰ অবৈধ সুৰা ৷ সোমবাৰে এলপিজি গেছ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় ৪৯৭ কাৰ্টুন সুৰা । জানিব পৰা মতে, কৰিমগঞ্জত অসম ত্ৰিপুৰাৰ চুৰাইবাৰি আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় বুজন পৰিমাণৰ সুৰাখিনি ৷
তদুপৰি কিছু প্ৰসাধন সামগ্ৰীও উদ্ধাৰ কৰাৰ লগতে ট্ৰাক চালককো আটক কৰে আৰক্ষীয়ে ৷ ইপিনে লাখ টকা মূল্যৰ সুৰাৰ কাৰ্টুনখিনি মেঘালয়ৰ পৰা ত্ৰিপুৰাৰ কাঞ্চনপুৰত লৈ যোৱাৰ কথা আছিল ৷ আনহাতে চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকত সুৰাৰ কাৰ্টুন উদ্ধাৰে বৰ্তমান একপ্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃ 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান