ETV Bharat / state

ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা খেতি - গাঞ্জা

ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা খেতি নষ্ট ৷ আৰক্ষী সূত্রই জনোৱা মতে তিনিটা প্লটত গাঞ্জাৰ খেতি কৰা হৈছিল ৷ আৰক্ষীৰ প্রাথমিক ধাৰণা অনুসৰি ইয়াৰ বজাৰ মূল্য প্রায় 10 লক্ষাধিক টকা ।

HUGE AMOUNT OF CANNABIS SEIZED BY TRIPURA POLICE

author img

By

Published : Aug 30, 2020, 6:30 AM IST

কৰিমগঞ্জ, 29 আগষ্ট : উদয়পুৰ মহাকুমাৰ আৰক্ষী বিষয়া ধ্ৰুৱ নাথৰ নেতৃত্বত শনিবাৰে আবেলি প্ৰায় 4 বজাত গোপন সূত্ৰৰ ভিত্তিত ত্বৈবন্দাল এডিচি অঞ্চলত গাঞ্জাৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযান কালত বৃহৎ পৰিমাণৰ গাঞ্জাৰ খেতি ধ্বসং কৰিবলৈ সক্ষম হয় । অঞ্চলটোত ভাং খেতি গঢ় লৈ উঠা সন্দৰ্ভত দীৰ্ঘ দিন ধৰি অভিযোগ উত্থাপন হৈছিল । অৱশেষত শনিবাৰ আবেলি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত টিএছআৰ আৰু আৰক্ষী বাহিনী লৈ ভাৰপ্ৰাপ্ত বিষয়া নাড়ুগোপাল দেব আৰু উপপৰিদৰ্শক খোকন সাহাই গাঞ্জা বিৰোধী অভিযান চলায় আৰু সাফল্য লাভ কৰে ।

ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা খেতি

আৰক্ষী সূত্রই জনোৱা মতে তিনিটা প্লটত গাঞ্জাৰ খেতি কৰা হৈছিল ৷ আৰক্ষীৰ প্রাথমিক ধাৰণা অনুসৰি ইয়াৰ বজাৰ মূল্য প্রায় 10 লক্ষাধিক টকা । কিন্তু এই খেতি কোনে কৰিছে, তাৰ লগত কোন কোন জড়িত হৈ আছে এতিয়া লৈকে জানিব পৰা নাই । ঘটনাৰ সঠিক তদন্ত কৰাৰ পাছত হে প্রকৃত তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : উৰহ জাতিৰ লোকৰ হিন্দু সমাজত প্ৰয়োজন নাই : সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.