ETV Bharat / state

দুৰ্ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তেজনা

বাৰইগ্ৰাম কমলাটিলা গড়কাপ্তানী পথত অবৈধভাৱে মাটি কঢ়িওৱা বাহনে মহতিয়ালে স্কুলীয়া ছাত্ৰীক ৷ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা কৰিমগঞ্জৰ ইলাশপুৰ গাঁৱত ৷

author img

By

Published : Feb 17, 2021, 12:43 PM IST

দুৰ্ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তেজনা
দুৰ্ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তেজনা

কৰিমগঞ্জ,17 ফেব্ৰুৱাৰী: কৰিমগঞ্জৰ ইলাশপুৰ গাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ অবৈধভাৱে মাটি কঢ়িওৱা বাহনে মহতিয়ালে স্কুলীয়া ছাত্ৰীক । অচিনাক্ত মেজিকৰ খুন্দাত থিতাতে মৃত্যু ঘটে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ । বাৰইগ্ৰাম কমলাটিলা গড়কাপ্তানী পথত সংঘটিত পথ দুৰ্ঘটনাটোত মেহবুবা বেগম নামৰ ছাত্ৰীগৰাকীৰ মৃত্যু ঘটাত জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত মৃতদেহ লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু দুঘণ্টা ধৰি পথটো অৱৰোধ কৰাৰ পাচত প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পুনৰ অৱৰোধ কৰে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথটো । বিদ্যালয়খনৰ সম্মুখত এম্বুলেঞ্চত মৃতদেহ ৰাখি অনুজ্ঞাপত্ৰ বিহীন চালক আৰু বনধ্বংসৰ সৈতে জড়িত লোকসকলক শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: অগ্নিকাণ্ডত সৰ্বস্বান্তৰ কাষত কৰিমগঞ্জৰ বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.