কৰিমগঞ্জ, 29 নৱেম্বৰ: কৰিমগঞ্জ জিলাত সম্প্ৰতি চৰকাৰী বিদ্যালয়ৰ শ্মশানমুখী যাত্ৰা অব্যাহত আছে ৷ দুৰ্নীতিত লিপ্ত একাংশ শিক্ষকৰ বাবে মুৰৰ পৰা ভৰিলৈ গেলিছে বহু চৰকাৰী বিদ্যালয় ৷ ইয়াৰ ভিতৰত ৫৩৮ নং পূৱ কনকলস নিম্ন প্ৰাথমিক বিদ্যালয় অন্যতম বুলি অভিযোগ উত্থাপিত হৈছিল ৷ পূৰ্বে সংবাদমাধ্যমত এই সন্দৰ্ভত প্ৰকাশ পোৱা বিভিন্ন বাতৰিৰ সত্যাসত্য বিচাৰৰ বাবে বিদ্যালয়খনত শুকুৰবাৰে উপস্থিত হয় এগৰাকী উপ-পৰিদৰ্শক ৷ সেই সময়ত উক্ত বিদ্যালয়খনত উপস্থিত নাছিল প্ৰধান শিক্ষক হাজী আলী ৷ প্ৰধান শিক্ষকগৰাকীৰ অনুপস্থিতিৰ বিৰুদ্ধে জাঙোৰ খাই ততালিকে তেওঁক নিলম্বন কৰে বিষয়াজনে ৷ ইতিমধ্যে বিদ্যালয়খনত ঘটি থকা ব্যাপক দুৰ্নীতি আৰু মইমতালি সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীৰ নাম সাঙোৰ খাই পৰিছিল ৷
আনহাতে, উপ-পৰিদৰ্শক গৰাকীয়ে ফোনযোগে মাতি আনি বিদ্যালয়ৰ নথিপত্ৰ পৰীক্ষা কৰাত ওলাই পৰে বহু বিসংগতি ৷ ফলত শিক্ষক তথা ছাত্ৰৰ উপস্থিতিৰ পঞ্জীয়নসহ মধ্যাহ্ন ভোজনলৈ সকলোতে ধৰা পৰে ব্যাপক বিসংগতিৰ । প্ৰাপ্ত অভিযোগ মতে, শিক্ষকজনে দীৰ্ঘদিন ধৰি ঘৰৰ পৰাই পঞ্জীয়ন বহীত চহী কৰি আহিছিল । তদুপৰি বিদ্যালয়খনত দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰাখিছিল মধ্যাহ্ন ভোজন । স্থানীয় ৰাইজে অভিযোগ কৰা মতে, হাজী আলীয়ে বিদ্যালয়ত কাচিৎ হে উপস্থিত হয় ৷ তদুপৰি কিছুদিন পূৰ্বে বিদ্যালয়খনৰ উন্নতিৰ বাবে চৰকাৰে ৫০ হেজাৰ টকা মুকলি কৰি দিছিল ৷ কিন্তু উক্ত টকাৰ এটকাৰো হিচাপ দেখুৱাব নোৱাৰিলে প্ৰধান শিক্ষকগৰাকীয়ে ৷ উপ-পৰিদৰ্শক গৰাকীয়ে সকলো নথিপত্ৰ লৈ প্ৰধান শিক্ষকগৰাকীক দুঘন্টাৰ ভিতৰত জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে । উপ-পৰিদৰ্শকৰ নিৰ্দেশ অমান্য কৰি দুদিন পলমকৈ আলীয়ে বিভাগীয় কাৰ্যালয়ত উপস্থিত হয় ৷ সম্প্ৰতি বিদ্যালয়খনৰ দুৰ্নীতিৰ ন ন তথ্য পোহৰলৈ আহি আছে ৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ৷
লগতে চাওক: আমগুৰিত ডিজিটেল স্কুললৈ ৰূপান্তৰিত চৰকাৰী প্ৰাথমিক বিদ্যালয়