ETV Bharat / state

ভয়াবহ বান পৰিস্থিতিত কৰিমগঞ্জৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

author img

By

Published : Jun 18, 2022, 5:13 PM IST

অধিক অৱনতি ঘটিছে কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি (Flood situation worsens in Karimganj district) ৷ ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে । কুশিয়াৰা বৰাক শিংলা নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰত । ফলত সমগ্ৰ জিলাখনত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে (High alert issued in Karimganj) । অহা ২০ জুন পৰ্যন্ত সমগ্ৰ জিলাখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিলে কৰিমগঞ্জ জিলা প্ৰশাসনে ।

flood-situation-in-karimganj-district-is-getting-worst
ভয়াবহ বান পৰিস্থিতিত কৰিমগঞ্জৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

কৰিমগঞ্জ 18, জুন : অধিক অৱনতি ঘটিছে কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিৰ (Severe flood situation in Karimganj )৷ বানে ক্ৰমাৎ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । কুশিয়াৰা বৰাক শিংলা নৈৰ জলস্তৰ বৈছে বিপদ সীমাৰ ওপৰেদি । ফলত সমগ্ৰ জিলাখনত হাই এলাৰ্ট জাৰি কৰিছে জিলা প্ৰশাসনে (High alert in Karimganj)।

এনে পৰিপেক্ষিতত আগন্তুক ২০ জুন পৰ্যন্ত সমগ্ৰ জিলাখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিলে কৰিমগঞ্জ জিলা প্ৰশাসনে ।(Karimganj administration orders closure of schools) । ইফালে নেৰানেপেৰা বৰষুণৰ বাবে বহু সমখ্যক বিদ্যালয় বুৰ গৈছে বাঢ়নি পানীত ।

Flood situation in Karimganj district is getting worst
ভয়াবহ বান পৰিস্থিতিত কৰিমগঞ্জৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ প্ৰশাসন

উল্লেখ্য যে চাৰিদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা (Flood in Assam 2022) ৷ দ্বিতীয়টো বান আৰু ভূমিস্খলনত বৰ্তমানলৈ 9 জন লোকৰ মৃত্যু হৈছে‌ (9 people died in flood and landslide) । নামনি আৰু মধ্য অসমৰ লগতে পানীত বুৰ গৈছে উত্তৰ অসম। কেইবাটাও স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে। মেঘালয়ত হোৱা ভূমিস্খলনৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত যাতায়তৰ যোগাযোগ ব্যাহত হৈ পৰিছে। কেইবাটাও স্থানত নৈৰ মথাউৰি ছিগাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে ।

নামনি সোৱণশিৰি আৰু উমৰাংছ’ বান্ধৰ ওপৰেৰে পানী বাগৰি অহাৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে । বানৰ সমান্তৰালভাৱে অব্যাহত আছে ভূমিস্খলনৰ ঘটনা । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য মতে অসমৰ দ্বিতীয়টো বিধ্বংসী বানত ৰাজ্যৰ ২৮ খন জিলা আৰু ৯৬ খন ৰাজহ চক্ৰ ক্ষতিগ্রস্ত হৈছে (Floods have affected 28 districts and 96 revenue circles in Assam)।

লগতে পঢ়ক : মিছামাৰীত বানৰ কৱলত নবিল পথাৰ গাঁও: বন্ধ বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.