বদৰপুৰ, 7 মাৰ্চঃ বদৰপুৰত নেতাজী নগৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ এই অগ্নিকাণ্ডত জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

বদৰপুৰ নেতাজী নগৰৰ অৰুন ৰায়ৰ ঘৰত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত পৰিয়ালটোৰ ঘৰ সম্পুৰ্ণ ভস্মীভুত হোৱাৰ উপৰিও কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ এই অগ্নিকাণ্ডৰ ঘটনাটো ততালিকে স্থানীয় ৰাইজে বদৰপুৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত অগ্নিবাহিনীৰ লোক উপস্থিত হোৱাৰ আগতেই জুইত নিঃশেষ হয় পৰিয়ালটোৰ সকলো সা-সম্পত্তি ৷ অগ্নিবাহিনীৰ লোক আৰু স্থানীয় ৰাইজৰ সহযোগত অৱশেষত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক - হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়ো