ETV Bharat / state

Jihadi Education in Madrasa: কাছাৰত জেহাদী শিক্ষাৰ অভিযোগত মাদ্ৰাছাৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Nov 15, 2022, 8:04 PM IST

Updated : Nov 15, 2022, 8:29 PM IST

মাদ্ৰাছাত জেহাদী শিক্ষা দিয়াৰ অভিযোগ‌ আনি কাছাৰ জিলাৰ সোণাই থানাত গোচৰ ৰুজু কৰিলে এগৰাকী অভিভাৱকে (Jihadi activity in Madrasa) । মাদ্ৰাছাৰ প্ৰধান মৌলানাৰ বিৰুদ্ধে এই‌ অভিযোগ উত্থাপন হৈছে । ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ স্বাধীন বাজাৰ ইছলামিয়া ছিনিয়ৰ‌ মাদ্ৰাছাত (Accused of teaching jihadi education) ।‌

Kachar
Kachar

কৰিমগঞ্জ, ১৫ নৱেম্বৰ : মাদ্ৰাছাত জেহাদী শিক্ষা দিয়াৰ অভিযোগ‌ আনি কাছাৰ জিলাৰ সোণাই থানাত গোচৰ ৰুজু কৰিলে এগৰাকী অভিভাৱকে (Jihadi activity in Madrasa) । মাদ্ৰাছাৰ প্ৰধান মৌলানাৰ বিৰুদ্ধে এই‌ অভিযোগ উত্থাপন হৈছে । ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ স্বাধীন বাজাৰ ইছলামিয়া ছিনিয়ৰ‌ মাদ্ৰাছাত ( Accused of teaching jihadi education) ।‌

যোৱা ৯ মাৰ্চত চাহিন খান নামৰ এজন ছাত্ৰই মাদ্ৰাছাখনত ইছলামিক শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰিছিল । কিন্তু তেওঁৰ পিতৃ চাহাব উদ্দিন খানৰ অভিযোগ, মাদ্ৰাছাখনত নামভৰ্তি কৰাৰ পিছৰে পৰা তেওঁৰ পুত্ৰৰ মানসিক অৱস্থা সলনি হৈছে (Kachar Madrasa accused for Jihadi education) । আনকি স্বাভাৱিকভাৱে চলাচলো কৰি‌ব পৰা নাছিল বুলি অভিযোগ ।

আনহাতে, যোৱা ১৯ অক্টোবৰত মাদ্ৰাছাখনৰ‌ প্ৰধান মৌলানাই উক্ত ছাত্ৰজনক মাৰপিট কৰি‌ এটা ঘৰত বন্দী কৰি ৰাখিছিল বুলিও তেওঁ অভিযোগ কৰে । পিছদিনা তেওঁক মাদ্ৰাছাৰ পৰা আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । ইফালে মাদ্ৰাছা কৰ্তৃপক্ষই উক্ত মাৰধৰৰ ঘটনা বিচাৰৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু অভিযোগকাৰীয়ে কোনো ধৰণৰ বিচাৰ নোপোৱাত ঘটনাৰ প্ৰায় ২০ দিন পিছত যোৱা‌ ১১ নৱেম্বৰত সোণাই থানাত গোচৰ ৰুজু কৰে (FIR against Kachar Madrasa for Jihadi education) ।

Jihadi Education in Madrasa: কাছাৰত জেহাদী শিক্ষাৰ অভিযোগত মাদ্ৰাছাৰ বিৰুদ্ধে গোচৰ

উল্লেখ্য, ছাত্ৰ চাহিন খানৰ গুৰুতৰ অভিযোগ যে মাদ্ৰাছাখনৰ প্ৰধান মৌলানাই তেওঁক জেহাদীৰ শিক্ষা দিয়াৰ চেষ্টা‌ চলাইছিল । জেহাদী শিক্ষা নোলোৱাৰ বাবেই প্ৰধান মৌলানাই তেওঁক মাৰধৰ কৰা বুলি অভিযোগ কৰে চাহিনে ।‌ ইয়াৰ বিপৰীতে মাদ্ৰাছা কৰ্তৃপক্ষৰ বক্তব্য যে নিয়মিতভাৱে মাদ্ৰাছালৈ নাযায় চাহিন । লগতে হোষ্টেলৰ নিয়ম-নীতি ভঙ্গ কৰি চলি আছিল চাহিনে ।

যাৰ কাৰণে প্ৰধান‌ মৌলানাই তেওঁক অলপ সকীয়নি দিয়ে ।‌ লগতে অলপ মাৰপিটো কৰে । পাছত ঘটনাটো মীমাংসা কৰাৰ বাবে চাহিনৰ পিতৃয়ে প্ৰধান মৌলানাৰ পৰা ১ লাখ টকা দাবী কৰাৰ অভিযোগ মাদ্ৰাছা কৰ্তৃপক্ষৰ । আনহাতে, দাবী কৰা ধন নিদিয়াৰ কাৰণেই প্ৰায় ২০ দিন পিছত মিছা জেহাদী ইছ্যু সৃষ্টি কৰি চাহিনৰ‌ পিতৃয়ে থানাত গোচৰ ৰুজু কৰা বুলিও মাদ্ৰাছা কৰ্তৃপক্ষৰ দাবী ।

লগতে মাদ্ৰাছা কৰ্তৃপক্ষই উল্লেখ কৰে যে ঘটনা সংঘটিত হোৱাৰ দিনাখন তেওঁলোকে কোনো জেহাদী‌ শিক্ষা দিয়াৰ অভিযোগ নাছিল । সেয়ে হঠাৎ কিয় জেহাদী প্ৰসংগ উত্থাপন কৰিলে বুলিও অভিযোগকাৰীক প্ৰশ্ন মাদ্ৰাছা কৰ্তৃপক্ষৰ ।

লগতে পঢ়ক :Bir Lachit Tea : বীৰ লাচিতৰ নামেৰে নামকৰণ অসমৰ চাহ

Last Updated : Nov 15, 2022, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.