কৰিমগঞ্জ, 31 মে' : কৰিমগঞ্জ জিলাৰ পৰা বঙাইগাঁৱলৈ ১৯ জন লোকক প্ৰেৰণ কৰাৰ বাবে AS-10-AC-0901 নম্বৰৰ এখন ট্ৰেভেলাৰক অনুমতি পত্ৰ প্ৰদান কৰি সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে কৰিমগঞ্জৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰ ৷
কিন্তু বাহনৰ মালিকপক্ষই এই চৰকাৰী অনুজ্ঞা পত্ৰখনত অন্য এখন গাড়ীৰ নম্বৰ লিখি পত্ৰখনৰ তাৰিখ সলনি কৰি গাড়ীখনক কৰিমগঞ্জৰ পৰা বৰপেটা লৈ যাত্ৰী অনাৰ বাবে পঠিয়াই দিয়ে । উক্ত ঘটনা সন্দৰ্ভত অৱগত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰ বাহনৰ মালিকপক্ষৰ বিৰুদ্ধে ভুৱা অনুজ্ঞাপত্ৰ বনোৱাৰ বাবে সদৰ থানাত ইতিমধ্যে এখন গোচৰ ৰুজু কৰিছে ।