ETV Bharat / state

পাথাৰকান্দি প্ৰশাসনৰ উচ্ছেদ অভিযান - চৰকাৰী ভূমি বেদখল

চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে পাথাৰকান্দি চহৰত প্ৰশাসনৰ উচ্ছেদ অভিযান । পথ নিৰ্মাণৰ বাবে 9 খনকৈ দোকান ভাঙি বেদখলমুক্ত কৰা হ’ল চৰকাৰী মাটি ।

District administration
District administration
author img

By

Published : Nov 6, 2020, 2:22 PM IST

কৰিমগঞ্জ, 6 নবেম্বৰ : দীৰ্ঘ বছৰ ধৰি অবৈধভাৱে চৰকাৰী মাটি দখল কৰি পকী ঘৰ নিৰ্মাণ কৰাৰ লগতে পাথাৰকান্দি চহৰৰ দক্ষিণ ৰেল গেইট সংলগ্ন এলেকাত ব্যৱসায় চলাই গৈছিল একাংশ লোকে । অথচ দখলকৃত মাটিৰ বাবে কেইবাখনো গাঁৱৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত বাধা সৃষ্টি হৈ আহিছিল । কিয়নো চৰকাৰী মাটিত একাংশই অবৈধ ভাবে নিৰ্মাণ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান । পূৰ্বতে চৰকাৰী মাটি এৰি দিয়াৰ বাবে কেইবাবাৰো প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল যদিও এই ক্ষেত্ৰত কোনেও কৰ্ণপাত কৰা নাছিল ।

District administration
পাথাৰকান্দি প্ৰশাসনৰ উচ্ছেদ অভিযান

অৱশেষত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অন্তৰ্গত পথ নিৰ্মাণৰ বাবে স্থানীয় প্ৰশাসনে অবৈধ ব্যবসায়িক প্ৰতিষ্ঠান সমূহ উচ্ছেদ কৰাৰ পৰিকল্পনা হাতত লয় । পাথাৰকান্দি চক্ৰ বিষয়াৰ উদ্যোগত বৃহস্পতিবাৰে পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি দিয়াৰ সমান্তৰালকৈ শুকুৰবাৰে দিনত অৱশিষ্ট আন তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি দিয়া হ’ব । প্ৰশাসনৰ এই পদক্ষেপৰ বাবে দীৰ্ঘকাল ধৰি পকী পথৰ পৰা বঞ্চিত লোক সকলে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : পাকিস্তান জিন্দাবাদ ধ্বনিৰে আজমলক স্বাগতম সমৰ্থকৰ : ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.