ETV Bharat / state

পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবকে নোৱাৰি !

বৰাক উপত্যকাৰ ঘাইপথৰ তথৈবচ অৱস্থা । কিন্তু কাণষাৰ নাই গড়কাপ্তানি বিভাগৰ ।

author img

By

Published : Jun 18, 2019, 5:40 PM IST

পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবকে নোৱাৰি !

পাথাৰকান্দি,১৮জুনঃ বৰাক উপত্যকাৰ পাথাৰকান্দি অঞ্চলত পথ নিৰ্মাণৰ নামত প্ৰহসন । বহু বছৰ ধৰি এনেদৰেই আছে পাথাৰকান্দিৰ এই ঘাইপথটো । হেজাৰ হেজাৰ লোকৰ একমাত্ৰ ভৰসা এই পথটো । এই পথটোৰেই যাব লাগে বিএছএফ কেম্পলৈও ।

পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবকে নোৱাৰি !

উল্লেখনীয় কথা যে, পাথাৰকান্দি ব্লক বজাৰৰ পৰা আনিপুৰ ৰ'ড নিৰ্মাণৰ বাবে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৰাক উপত্যকাৰ এক হেজাৰ কোটি টকাৰ মুখ্যমন্ত্ৰী বিশেষ পেকেজ আৱন্টিত হৈছিল । কিন্তু কামৰ দায়িত্বত থকা ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী কাৰ্যকৰ্তাৰ মিতিৰালিত নিম্নমানৰ কামৰ ফলতে নিৰ্মাণৰ এবছৰৰ পিছত ঘাইপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত থকা বৃহৎ কেলেংকাৰী পোহৰলৈ আনিবলৈ দাবী জনাইছে প্ৰশাসনক ।

Intro:Body:Slug.patharkandi road Story

এয়া পথৰ মাজত গাত নে গাতৰ মাঝত পথ আপুনি নেদেখিলে বিশ্বাস কৰিব নোয়াৰিব।হয় বৰাক উপত্যকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কথা বাদেই দিয়ক গৰকপ্তানী পথ আৰু বেয়া এয়া আজিৰ দিনৰ কথা নহয় বহু বছৰ ধৰি বৰাক উপত্যকাৰ পথবাটৰ অৱস্থা তথৈবচ।কিন্তু কানষাৰ নাই গৰকপ্তানী বিভাগৰ।আজি আমি দেখুৱাম হেজাৰ হেজাৰ লোকৰ একমাত্ৰ ভৰসা এখন পথ যি পথৰে যাব লাগে বিএছএফ ক্যাম্পতো।পাথাৰকান্দি ব্লক বজাৰৰ পৰা আনিপুৰ এনইছি ৰোড নিৰ্মাণৰ বাবে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৰাক উপত্যকাৰ এক হেজাৰ কোটি টকাৰ মুখ্যমন্ত্ৰী স্পেশাল প্যাকেজৰ পৰা আবন্তিত হৈছিল 328,09 লাখ টকা কিন্তু কামৰ দায়িত্বত থকা ঠিকাদাৰ আৰু গৰকপ্তানী বিভাগৰ একাংশ দুৰ্নীতি পৰায়ন চৰকাৰী কাৰ্যকর্তার মিতিয়ালিত নিম্নমানৰ কামৰ ফলতে নিৰ্মাণৰ এবছৰৰ পিছত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে ফলতে ৰাইজক জ্বলাকলা খোয়াইছে এই পথে।তিনি কোটি টকাত নিৰ্মিত এইখন পথ দেখিলে আপুনি হব আচৰিত।তাৰ উপৰি অবৈধ ভাৱে মাটি কঢ়িয়াই যোৱা ট্ৰিপৰে পথৰ আৰু ক্ষতিসাধন কৰে।এই পথৰ ওপৰত যদি তদন্ত হয় তেন্তে এক বৃহৎ কেলেংকাৰী পোহৰলৈ আহিব বুলি জনায় স্থানীয় ৰাইজে।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.