ETV Bharat / state

চোৰাং গৰুক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা - চিকিৎসালয়ত ভৰ্তি

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা ৷ চোৰাং গৰুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনা ৷ সীমান্ত আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত গাঁওবাসী ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৷

BSF VS COW SMUGGLER FIGHTING AT INDIA-BANGALADESH BORDER
চোৰাং গৰুক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা
author img

By

Published : Aug 11, 2020, 6:47 PM IST

কৰিমগঞ্জ, 11 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ সংহাৰ অব্য়াহত থকাৰ মাজতে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত আছে ৷ গৰু সৰবৰাহত বাধা দিয়াৰ বাবে সীমান্ত আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত গাঁওবাসী ৷ উক্ত সংঘাতত গুৰুতৰভাবে আহত সীমান্ত আৰক্ষীৰ দুজনকৈ জোৱানৰ লগতে গৰু সৰবৰাহকাৰী তিনি গৰাকী লোক ৷

ঘটনাৰ বিৱৰণ অনুসৰি, সোমবাৰৰ নিশা চুবুৰীয়া ৰাজ্যৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী প্ৰত্যেকৰায় পঞ্চায়তৰ অন্তৰ্গত ইছাৰপাৰ এলেকাৰ সীমান্তত থকা কাইটিয়া বেৰ কাটি একাংশ লোকে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাইছিল ৷ সেই সময়ত সীমান্তত পহৰাৰ দায়িত্বত থকা জোৱান সকলে সৰবৰাহকাৰী দলটোক বাধা প্ৰদান কৰাত গৰু সৰবৰাহকাৰী দলটোৱে সীমান্ত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উখাপন হৈছে ৷ পৰৱৰ্তী সময়ত সীমান্ত আৰক্ষী আৰু সৰবৰাহকাৰীৰ মাজত সৃষ্টি হোৱা সংঘাতত তিনিজনকৈ চোৰাং ব্যবসায়ীৰ লগতে দুজনকৈ সীমান্ত আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, উক্ত ঘটনাৰ পিচতে আহত সীমান্ত আৰক্ষীৰ জোৱান কেইগৰাকীৰ লগতে গৰু সৰবৰাহকাৰীৰ আহত সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

চোৰাং গৰুক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

ইফালে, উক্ত ঘটনাৰ পিচত গাঁৱৰ একাংশ লোকে সীমান্ত আৰক্ষীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷ ইফালে, সীমান্ত আৰক্ষীয়েও গাঁৱৰ লোকে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বাবে কদমতলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । বৰ্তমান কদমতলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও উক্ত এলেকাত চেপা উত্তেজনা অব্যাহত আছে ।

লগতে পঢ়ক : কাছাৰ জিলাত শ্ৰমিক সংগঠনৰ বিক্ষোভ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.