ETV Bharat / state

লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতিৰ চেষ্টা - অসম গ্ৰামীণ বিকাশ বেংক

পাথাৰকান্দি বিধানসভাৰ বাজাৰিছৰা থানাৰ অন্তৰ্গত লোৱাইৰপোৱাত থকা অসম গ্ৰামীণ বিকাশ বেংকত বুধবাৰে নিশা ডকাইতৰ এটা দলে, ডকাইতিৰ অপচেষ্টা চলায় ৷ ঘটনাৰ সন্দৰ্ভত বেংকৰ মেনেজাৰে বাজাৰিছৰা থানাত খবৰ দিয়াত কিছু সময়ৰ পাছত বাজাৰিছৰা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতৰ চেষ্টা

author img

By

Published : May 6, 2021, 1:44 PM IST

কৰিমগঞ্জ, 6 মে’: পাথাৰকান্দি বিধানসভাৰ বাজাৰিছৰা থানাৰ অন্তৰ্গত লোৱাইৰপোৱাত থকা অসম গ্ৰামীণ বিকাশ বেংকত বুধবাৰে নিশা ডকাইতৰ এটা দলে ডকাইতিৰ অপচেষ্টা চলায় । বৃহস্পতিবাৰ পুৱা 9.45 বজাত বেংকৰ কৰ্মচাৰীসকলে বেংকলৈ যোৱাত গ্ৰীলৰ তলা ভঙা দেখে ৷ এনে অৱস্থা দেখি বেংকৰ মেনেজাৰ দিপু কুমাৰ দাসে ফোনযোগে বাজাৰিছৰা থানাত খবৰ দিয়ে ৷

লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতৰ চেষ্টা
লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতৰ চেষ্টা

কিছু সময়ৰ পাছত বাজাৰিছৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ এই তদন্তত বেংকৰ ভিতৰত তিনিটা আলমাৰীৰ তলা ভঙাৰ লগতে বহু পৰিমাণে জৰুৰী নথিপত্ৰ ছিঙি পেলায় দুৰ্বৃত্তৰ দলটোৱে ৷

উল্লেখ্য যে, দুৰ্বৃত্তৰ দলে স্ট্ৰং ৰুমৰ তলা ভঙাত সক্ষম নহ’ল । তদন্তৰ জৰিয়তে জানিব পৰা গৈছে যে, বেংকৰ ভিতৰত কোনো চিচিটিভি নাইবা সুৰক্ষাৰ ব্যৱস্থা নাই । সেয়েহে ডকাইতৰ দলে বিনা দ্বধাই বেংকত সোমোৱাৰ সাহস কৰে বুলি আশংকা কৰে আৰক্ষীয়ে । এই ঘটনাৰ পিছতে অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্য বিৰাজ কৰিছে । আনহাতে, আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বৰপেটাৰোডত মৰা মানাহ বেদখলমুক্ত কৰিছে প্ৰশাসনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.