ETV Bharat / state

অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ - অসমীয়া লোক

কৰিমগঞ্জ,হাইলাকান্দি,কাছাৰ প্ৰতিটো সীমান্ততে অব্যাহত আছে মিজোৰ আগ্ৰাসন ৷ যিকোনো মুহুৰ্ততে মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ব পাৰে অসমীয়া লোকসকল। দুৰ্বলতাৰ সুযোগ লৈ অসমৰ মাটি নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা অব্যাহত ৰাখিছে মিজোৱে ৷

ASSAM MIZORAM BORDER CONFLICT
অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ
author img

By

Published : Nov 4, 2020, 10:56 AM IST

কৰিমগঞ্জ,4 নৱেম্বৰ: অসম আৰু মিজোৰাম সীমান্তত অব্যাহত আছে যুদ্ধ সদৃশ পৰিৱেশ ৷ অসমৰ মাটিত মিজোৰামে চলাইছে আগ্ৰাসন । এসময়ত মিজোৰামৰ বাবে অসম আছিল বন্ধু ৰাজ্য । কিয়নো অসমৰ মাজেৰে মিজোৰামত প্ৰৱেশ কৰিছিল নিত্য প্ৰয়োজনীয় সামগ্ৰী । কিন্তু এতিয়া মিজোৰামে অসমৰ দুৰ্বলতাৰ সুযোগ লৈ অসমৰ মাটি নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা অব্যাহত ৰাখিছে । আনকি এই পৰিকল্পনা একপ্ৰকাৰ বাস্তৱত ৰূপ দিবলৈ সক্ষম হৈছে । কৰিমগঞ্জ,হাইলাকান্দি,কাছাৰ প্ৰতিটো সীমান্ততে অব্যাহত আছে মিজোৰ আগ্ৰাসন ।

অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ

31 অক্টোবৰত কৰিমগঞ্জ প্ৰশাসন আৰু মিজোৰাম মামনি জিলা প্ৰশাসনৰ ফালৰ পৰা ইছাবিল চাহ বাগিছাৰ মেনেজাৰৰ বাংলাত যিখন শান্তি চুক্তিপত্ৰ কৰা হৈছিল সেই চুক্তিপত্ৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সম্মুখত জ্বলাই দিলে মিজো উগ্ৰ সংগঠনৰ নেতা সকলে। প্ৰতিটো সীমান্ত এলেকাতেই যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে মিজোৰামে ৷ কাছাৰ জিলাৰ লায়লাপুৰ এলেকাত অসমৰ লোকক অপহৰণ কৰাৰ সমান্তৰালকৈ হত্যলীলাও অব্যাহত ৰাখিছে ৷ এনে পৰিস্থিতিত অসম আৰু মিজোৰাম সীমান্তত বসবাস কৰা অসমৰ লোকসকল যথেষ্ট আতংকিত হৈছে । কিয়নো যিকোনো মুহুৰ্ততে মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ব লাগিব অসমীয়া লোকসকল ।

লগতে পঢ়ক: বন্যহস্তীৰ তাণ্ডৱ : খেতি বচাবলৈ গঞাই সাজিছে টঙিঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.