ETV Bharat / state

স্কুলতো নাথাকে থানাতো নাথাকে প্ৰধান শিক্ষক ফকৰুল ইছলাম - Accused flees from police custody

বিদ্যালয়লৰ ধন হৰলুকিৰ লগতে ছাত্ৰ-ছাত্ৰীলৈ অহা মধ্যাহ্ন ভোজন অকলেই গিলি আৰক্ষীৰ জালত পৰিছিল কৰিমগঞ্জৰ এজন প্ৰধান শিক্ষক ৷ অভিযোগ লাভ কৰি প্ৰধান শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঠিকেই, কিন্তু আৰক্ষীৰ জিম্মাৰ পৰাও পলাই গ’ল শিক্ষকগৰাকী (Arrested teacher flees from police custody)৷

Headmaster arrested in Karimganj
স্কুলতো নাথাকে, থানাতো নাথাকে প্ৰধান শিক্ষক ফকৰুল ইছলাম
author img

By

Published : Jan 11, 2022, 8:25 PM IST

কৰিমগঞ্জ, 11 জানুৱাৰী : কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে এজন আটকাধীন শিক্ষকে (Accused flees from police custody) ৷ বিভিন্ন দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ফকৰুল ইছলাম নামৰ শিক্ষকজনক সোমবাৰে পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Headmaster arrested in Karimganj) ৷

বিদ্যালয়লৈ অনুমোদিত চৰকাৰী ধন আত্মসাতৰ অভিযোগত এলাকাৰ আচিমিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক ফকৰুল ইছলামৰ বিৰুদ্ধে কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ এজাহাৰ দাখিলৰ পিছতে এলাকাৰ আচিমিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক ফকৰুল ইছলামক পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

স্কুলতো নাথাকে, থানাতো নাথাকে প্ৰধান শিক্ষক ফকৰুল ইছলাম

অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদবে জনোৱা মতে, আচিমিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক ফকৰুল ইছলামে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ নামত ভুৱা পঞ্জীয়ন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো যথেষ্ট দুৰ্নীতি সংঘটিত কৰি আহিছিল ৷ ইয়াৰোপৰি বিদ্যালয়ৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি প্ৰধান শিক্ষক ফকৰুল ইছলামে গুৱাহাটীত থাকিয়েই দৰমহা লাভ কৰি আহিছে বুলি স্থানীয় লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: জামিন পালে আলফা নেতা জীৱন মৰাণে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.