ETV Bharat / state

কৰিমগঞ্জত আজিজ আহমেদ খানৰ শক্তি প্ৰদৰ্শন

বিগত ২০১৬ ৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফ-ৰ পৰা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক তিনি হাজাৰ পাঁচশৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল আজিজ আহমেদ খানে । কিন্তু এইবাৰ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে এই সমষ্টিটো প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে দখল কৰাতো প্ৰায় নিশ্চিত ।

কৰিমগঞ্জত আজিজ আহমেদ খানৰ শক্তি প্ৰদৰ্শন
কৰিমগঞ্জত আজিজ আহমেদ খানৰ শক্তি প্ৰদৰ্শন
author img

By

Published : Mar 9, 2021, 10:46 PM IST

কৰিমগঞ্জ,9 মাৰ্চঃ ৰেলীৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰিলে দক্ষিণ কৰিমগঞ্জ সমষ্টি বিধায়ক তথা অসম গণ পৰিষদৰ দলৰ প্ৰাৰ্থী আজিজ আহমেদ খানে । বাইক আৰু চাৰিচকীয়া প্ৰায় পাঁচ শতাধিক বাহনেৰে সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰেলী প্ৰদৰ্শন কৰে খানে । বিগত ২০১৬ ৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফ-ৰ পৰা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক তিনি হাজাৰ পাঁচশৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল আজিজ আহমেদ খানে । কিন্তু এইবাৰ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে এই সমষ্টিটো প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে দখল কৰাতো প্ৰায় নিশ্চিত । মিত্ৰজোঁটৰ টিকটৰ পৰা বঞ্চিত হৈ অৱশেষত আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ।

ইপিনে দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত বিধায়ক থকাৰ পাছতো সমষ্টিটো কংগ্ৰেছক এৰি দিয়াৰ বাবে বদৰউদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ এআইইউডিএফ কৰ্মী-সমৰ্থকৰ ৷ ক্ষোভিত এআইইউডিএফৰ সমষ্টিৰ ২২ টাকৈ মণ্ডলৰ কৰ্ম-কৰ্তা আৰু সদস্যসকলে সমূহীয়া পদত্যাগ কৰে ।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মা লগত থকাতো আশীৰ্বাদ: তৰংগ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.