ETV Bharat / state

পৰিয়ালৰ সাতজনকৈ সদস্য কোভিড-19ত আক্ৰান্ত; এনেতে মৃত্যু পিতৃৰ

author img

By

Published : Sep 8, 2020, 3:06 PM IST

কৰিমগঞ্জৰ পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলত একেটা পৰিয়ালৰে 7 জনকৈ সদস্য কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সময়তে মৃত্যু হয় পিতৃৰ ৷

7 members of a fimily found COVID 19 positive at Karimganj
পৰিয়ালৰে সাতজনকৈ সদস্য ক’ভিড 19ত আক্ৰান্ত; এনেতে মৃত্যু পিতৃৰ

কৰিমগঞ্জ, 8 ছেপ্তেম্বৰঃ একেটা পৰিয়ালৰে সাতজনকৈ সদস্য কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন ৷ এনে সময়তেই মৃত্যু হয় বৃদ্ধ পিতৃৰ ৷ এই কৰুণ কাহিনী সংঘটিত হৈছে পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলত ৷ বিগত 29 আগষ্ট তাৰিখে অঞ্চলটোৰ সেবক সিনহা নামৰ ব্যক্তিগৰাকী লগতে তেখেতৰ পৰিয়ালৰ সাতগৰাকীকৈ সদস্যৰ দেহত ধৰা পৰে কোভিড-19ৰ উপস্থিতি ৷ কেৱল তেখেতৰ পিতৃ,পত্নী আৰু এগৰাকী সদস্যৰ ফলাফল নিগেটিভ আহে ৷

পৰিয়ালৰ প্ৰায় আটাইকেইগৰাকী লোকে কোভিড-19ত আক্ৰান্ত হোৱাত স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৰাধাকান্ত সিনহাৰ আৰু সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ এনে অৱস্থাত একমাত্ৰ বোৱাৰীৰ কাষত উপস্থিত হয় স্থানীয় লোক ৷ সৌভাগ্যক্ৰমে, পৰিয়ালটোৰ পুনৰ কোভিড-19ৰ পৰীক্ষা কৰাত আটাইৰে ফলাফল নিগেটিভ আহে ৷ ফলত সোমবাৰে নিশাই বাসগৃহত আহি উপস্থিত হয় সদস্যকেইজন ৷ ইয়াৰ পিছতেই স্থানীয় লোকৰ সহযোগত ৰাধাকান্ত সিনহাৰ মৃতদেহ সৎকাৰ কৰা হয় ৷

লগতে পঢ়ক-দুই দিব‍্যাংগ সন্তানক লৈ অসহায় পিতৃ-মাতৃৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.