ETV Bharat / state

কৰিমগঞ্জৰ ইভিএম কাণ্ড: গ্ৰেপ্তাৰ 6 আক্ৰমণকাৰী

author img

By

Published : Apr 3, 2021, 4:10 PM IST

কৰিমগঞ্জত বিজেপি নেতাৰ বাহনত ইভিএম উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ তাৰ মাজতে উক্ত ঘটনাত বাহন ভঙা আৰু চালকক প্ৰহাৰ কৰা সন্দৰ্ভত প্ৰিজাইডিং বিষয়া ছাহাব উদ্দিন তালুকদাৰে ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ছয়জন লোকক ৷

6 arrested in karimganj
কৰিমগঞ্জৰ ইভিএম কাণ্ড: গ্ৰেপ্তাৰ 6 আক্ৰমণকাৰী

কৰিমগঞ্জ, 3 এপ্ৰিল : কৰিমগঞ্জত বিজেপি নেতাৰ বাহনত ইভিএম উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ তাৰ মাজতে উক্ত ঘটনাত বাহন ভঙা আৰু চালকক প্ৰহাৰ কৰা সন্দৰ্ভত প্ৰিজাইডিং বিষয়া ছাহাব উদ্দিন তালুকদাৰে ৰুজু কৰিছিল গোচৰ ৷ কৰিমগঞ্জ আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নম্বৰ ৩১৩ /২০২১ ভাৰতীয় দন্ড বিধিৰ ১২০( বি )/১৪৩/১৪৭/৩৪১/৩৫৩/৩৩২/৩৩৩/৩৯৯ /৪০২/ ৪৭ ধাৰাৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 6 জন লোকক ৷

জানিব পৰা মতে, ভোটকেন্দ্ৰৰ পৰা উভতাৰ সময়ত প্ৰিজাইডিং বিষয়া ছাহাব উদ্দিন তালুকদাৰ আহি থকা বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটে ৷ যাৰ পাছতে বিধায়কৰ ভাতৃ কল্যাণ পাল আহি থকা উক্ত বাহনখন ৰখাই প্ৰিজাইডিং বিষয়াগৰাকীয়ে কৰিমগঞ্জলৈ যোৱাত সহায় কৰিবলৈ অনুৰোধ কৰে ৷ যাৰ পাছতে উক্ত বাহনে নিৰ্বাচনী বিষয়াৰ দলটোক লৈ আহি থকাৰ সময়তে কৰিমগঞ্জ চহৰ পোৱাৰ কিছু আগত ৰাইজে আৱদ্ধ কৰি আক্ৰমণ কৰে ৷

লগতে পঢ়ক: কুইপ’ৰ অপহৃত বিষয়াক মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.