কৰিমগঞ্জ, 29 আগষ্টঃ কৰিমগঞ্জত কোভিড হাস্পতালৰ পৰা পলায়ন পাঁচবছৰীয়া কনমানিৰ ৷ পলায়ন কৰা শিশুটো কৰিমগঞ্জ চহৰৰ ইন্দিৰা কল’নীৰ শ্ৰীয়া দাস বুলি জানিব পৰা গৈছে ৷ বিগত 26 আগষ্টতে চিকিৎসালয়ৰ পৰা পলায়ন কৰে কনমানিজনীয়ে ৷
আনহাতে, বিগত 2 দিনে শ্ৰীয়াৰ কোনো সন্ধান লাভ নকৰাত 28 তাৰিখে কৰিমগঞ্জ কোভিড চিকিৎসালয়ৰ তৰফৰ পৰা কৰিমগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ শিলচৰ মেডিকেল কলেজ হাস্পতালত পঠিওৱাৰ সময়তেই শ্ৰীয়াই পলায়ন কৰে বুলি জানিবলৈ দিয়ে ৷