কৰিমগঞ্জ, 20, ফেব্ৰুৱাৰী : কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা বুধবাৰে নিশা পলায়ন কৰে দুই কাৰাবন্দীয়ে ৷ পলাতক কাৰাবন্দী দুগৰাকী ক্ৰমে নাছিম আহমেদ আৰু ছামচুল ইছলাম | নাছিম হত্যাৰ অভিযোগত আৰু ছামচুল বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰবেশ কৰাৰ অভিযোগত কাৰাগাৰত বন্দী হৈ আছিল |
কাৰাবন্দী দুগৰাকী পলায়নৰ খবৰ লাভ কৰাৰ পাছতেই কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । কাৰাগাৰ কৰ্তৃপক্ষই সদৰি কৰা মতে,কাৰাগাৰৰ ভিতৰত নিৰ্মাণ কাৰ্য ব্যৱহৃত জখলা ব্যৱহাৰ কৰি কাৰাবন্দী দুগৰাকী প্ৰাচীৰ পাৰ কৰি পলায়ন কৰে । কিন্তু তাৎপৰ্য পূৰ্ণ যে পলাতক কাৰাবন্দী দুগৰাকীৰ কোনো ফটো নাই কাৰাগাৰ কৰ্তৃপক্ষৰ হাতত । আনকি কাৰাবন্দী দুগৰাকীৰ বিতং তথ্য দিয়াটো ব্যৰ্থ কাৰাগাৰৰ কৰ্তৃপক্ষ ৷