ETV Bharat / state

Road accident in Dima Hasao: টাটা মোবাইল বাহনৰ খুন্দাত নিহত এজন যুৱক - টাটা মোবাইল বাহনৰ খুন্দাত নিহত এজন যুৱক

ডিমা হাছাও জিলাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা(Road accident in Dima Hasao) ৷ এখন মটৰ চাইকেল আৰু এখন টাটা মোবাইল বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মৃত্যুক সাৱটিলে এজন 28 বছৰীয়া যুৱকে ।

youth-died-in-a-road-accident-in-dima-hasao
টাটা মোবাইল বাহনৰ খুন্দাত নিহত এজন যুৱক
author img

By

Published : Jul 29, 2022, 5:00 PM IST

ডিমা হাছাও 29 জুলাই: ডিমা হাছাও জিলাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা(Road accident in Dima Hasao) ৷ এই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে এজন 28 বছৰীয়া যুৱকে । ঘটনা অনুসৰি ডিমা হাছাও জিলাৰ নাবলাইদিছাৰ পৰা মাইবাং অভিমুখে অহাৰ পথত প্ৰথমে দুৰ্ঘটনাত পতিত হয় শুভ্ৰদীপ বাতাৰি নামৰ যুৱকজন(Youth died in Road accident) ।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ ভাগত এখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক শুভ্ৰদীপ বাতাৰিয়ে নাবলাইদিছাৰ পৰা AS 02 AC 3303 নম্বৰৰ মটৰ চাইকেল লৈ মাইবাং অভিমুখে গৈ থকা অৱস্থাত কালাচান্দৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা AS 10 AC 6383 নম্বৰৰ এখন টাটা মোবাইল বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয় ৷

ফলত মটৰ চাইকেল আৰোহী শুভ্ৰদীপ বাতাৰি গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাৰ পিচতে স্থানীয় লোকসকলে আৰক্ষীৰ সহযোগত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকগৰাকীক মাইবাং চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে যুৱকজনক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পিছতে যুৱকজনৰ অৱস্থা অতি সংকটজনক হোৱাত হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে ৷ ইফালে চিকিৎসকৰ কথামতে শুভ্ৰদীপৰ পৰিয়ালে গুৱাহাটী লৈ যায় যদিও চিকিৎসালয়লৈ যোৱাৰ পথতে শুকুৰবাৰে পুৱা 4 বাজি 50 মিনিটত নগাঁৱত যুৱকজনৰ মৃত্যু ঘটে ।

অভিযোগ অনুসৰি ডিমা হাছাও জিলাৰ এই অভিশপ্ত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৃত্যুৰ দুৱাৰদলি হিচাবে পৰিণত হৈছে । বিগত এমাহত এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৃথক পৃথক দুৰ্ঘটনাত ইতিমধ্যে 7 গৰাকীকৈ লোকৰ মৃত্যু ঘটিছে । এই দুৰ্ঘটনাসমূহৰ কাৰণ হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাই ভূমিস্খলনৰ ফলত ভাঙি পৰাৰ বাবে চাৰিলেনযুক্ত ঘাইপথ এতিয়া দুইলেনলৈ পৰিণত হৈছে ৷

যাৰ বাবে একে ফালেই যান-বাহন অহা যোৱা কৰিবলগীয়া হৈছে ৷ ইয়াৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথৰ এই ঠাইসমূহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যান-বাহন অহা যোৱা কৰাৰ পথত কোনো ধৰণৰ চাইন বর্ড নলগোৱাৰ ফলত এনেধৰণৰ দুৰ্ঘটনা প্ৰায়েই সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক : Youth fell down from train: হোজাইত চলন্ত ৰেলৰ পৰা পৰি আহত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.