ETV Bharat / state

কাৰ্বিআংলঙৰ ইটাৰভাটাত শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ

author img

By

Published : Apr 17, 2019, 12:35 AM IST

কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ বৰপথাৰ - শান্তিপুৰ থানাৰ অন্তৰ্গত টি বি চি (T. BC) ইটাৰ ভাটাত সংঘটিত এই জঘন্য, অমানবীয় ঘটনা

শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ

কাৰ্বি আংলং, 16 এপ্ৰিল : কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী বৰপথাৰ শান্তিপুৰ থানা এলেকাৰ এটা ইটাভাটাত সংঘটিত হৈছে মানব অধিকাৰ উলংঘনৰ এক ভয়ংকৰ ঘটনা ৷ শ্ৰমিকৰ ভৰিত শিকলিৰে বান্ধি ঘণ্টাৰ পিছত ঘণ্টা ইটাৰ ভাটাত কাম কৰাই শ্ৰমিকক শাৰীৰিক প্ৰহাৰ মানৱ নামধাৰী দানৱৰূপী মালিকৰ । কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ বৰপথাৰ - শান্তিপুৰ থানাৰ অন্তৰ্গত টি বি চি (T. BC) ইটাৰ ভাটাত সংঘটিত হৈছে এই জঘন্য, অমানবীয় ঘটনা ৷ ইটা ভাটাটোৰ মালিকদ্বয় ক্ৰমে ৰঞ্জন হাজৰিকা আৰু যিতু গগৈয়ে বিগত বহু মাহ ধৰি শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন চলাই অহাৰ এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ-ধিঙৰ আহদ মদানি নামৰ এগৰাকী লোকে শ্ৰমিক যোগান ধৰাৰ নামত ইটাভাটাৰ মালিক ৰঞ্জন হাজৰিকাৰ পৰা লৈছিল আগধন । তাৰ পাছত নিজ-ধিং, মৈৰাবাৰী আৰু দৰং আদি অঞ্চলৰ পৰা 28 গৰাকী শ্ৰমিকক নি মালিকক চমজাই পুনৰ আৰু শ্ৰমিক দিয়াৰ প্ৰতিশ্ৰুতিৰে আগধন লৈ পলায়ন কৰে আহদ মদানিয়ে । দ্বিতীয়বাৰৰ আগধন লৈ আৰু উভতি নগ'ল ইটাভাটালৈ । ফলত ইটাৰ ভাটাতে পণবন্দী হৈ থাকিবলগীয়া হয় এই 28 গৰাকী শ্ৰমিক । সাত মাহ ইটাৰ ভাটাত কাম কৰি এন আৰ চিৰ বাবে শ্ৰমিক কেইজনে ঘৰলৈ আহিব বিচৰাত মালিকে চুটি দিবলৈ অমান্তি হোৱাৰ লগতে পলাতক আহদ মদানিয়ে লৈ যোৱা টকা শ্ৰমিক সকলেই ওভতাই দিব লাগিব বুলি দাবী কৰি সিহঁতক আৱদ্ধ কৰি ৰাখে শ্ৰমিকসকলক ।

কেৱল সেইয়াই নহয় মালিক দুগৰাকীয়ে পৰিয়ালৰ লগত যোগাযোগ কৰিব নোৱাৰাকৈ শ্ৰমিকসকলৰ ম'বাইল ফোনও জব্দ কৰি ৰাখে ৷ পাচত কৌশলেৰে তাৰে চাৰিগৰাকী শ্ৰমিকে নিজৰ পত্নী-সন্তানক পণবন্দী হিচাবে ইটাভাটাত থৈ আহদ মদানিৰ সন্ধানত যাও বুলি ঘৰলৈ আহি পৰিয়ালৰ লোকক সবিস্তাৰে সকলো বৰ্ণনা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা । কতো সহায় নাপাই শ্ৰমিক সকলৰ হৈ ৰাবিয় বেগমে সহায় বিচাৰে সাংবাদিকৰ । সাংবাদিকে মৈৰাবাৰী থানা আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্ৰমিকসকলক ৷

A_GHY_804_16APRIL_BRICK_KILN_LABOURER_VISUAL_BYTE_ASRAR

কাৰ্বিআংলঙৰ সীমান্তবৰ্তী অঞ্চলৰ বৰপথাৰ শান্তিপুৰ থানা এলেকাৰ এটা ইটাভাটাত মালিকে কেইবাজনো শ্ৰমিকক পনবন্দী কৰি ৰাখি চলোৱা নিৰ্যাতনৰ এক  ঘটনা পোহৰলৈ আহিছে। শ্ৰমিকক ভৰিত শিকলিৰে বান্ধি ঘণ্টাৰ পিছত ঘণ্টা ইটাভাটাৰ কাম কৰাই মালিকে। ইটাভাটাত বহু কেইজন শ্ৰমিকক পনবন্দী কৰি ভৰিত শিকলি লগাই ঘণ্টাৰ পিছত ঘণ্টা কাম কৰাই শাৰিৰিক প্ৰহাৰ কৰে দানৱৰূপী মালিকৰ। সাংবাদিকৰ প্ৰচেষ্ঠাত মুক্তি পালে শ্ৰমিকসকলে। জঘন্য, অমানৱীয় মানৱ অধিকাৰ উলংঘন কৰা এই জঘণ্য ঘটনাৰ স্থান কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ বৰপথাৰ - শান্তিপুৰ থানাৰ অন্তৰ্গত টি বি চি (T. BC) ইটাভাটা। ইটাভাটাটোৰ মালিকদ্বয় ক্ৰমে ৰঞ্জন হাজৰিকা আৰু যিতু গগৈ। নগাঁও জিলাৰ  ধিং থানাৰ অন্তৰ্গত নিজ - ধিঙৰ  আহদ মদানি নামৰ এটা চৰ্দাৰে শ্ৰমিক যোগান ধৰাৰ নামত ইটাভাটাৰ মালিক ৰঞ্জন হাজৰিকাৰ পৰা লৈছিল আগধন। পিছত নিজ- ধিং, মৈৰাবাৰী আৰু দৰং আদি অঞ্চলৰ পৰা ২৮ জন শ্ৰমিক নি মালিকক চমজাই পুনৰ আৰু শ্ৰমিক দিম বুলি আগধন লৈ শ্ৰমিক নিব আহি পলায়ন কৰে। চৰ্দাৰটোৱে দ্বিতীয়বাৰ আগধন লৈ আৰু উভতি নগল ইটাভাটালৈ। ফলত পনবন্দী হৈ পৰে এই ২৮ জন শ্ৰমিক। সাত মাহ (7)কাম কৰি এন আৰ চি হেয়াৰিঙৰ বাবে শ্ৰমিক কেইজন ঘৰলৈ আহিব বিচৰাত মালিকে চুটি দিবলৈ অমান্তি হয় আৰু পলাতক চৰ্দাৰটোৱে লৈ যোৱা টকা শ্ৰমিক সকলেই ওভতাই দিব লাগিব বুলি দাবী কৰি সিহঁতক আবদ্ধ কৰি ৰাখে। শ্ৰমিক সকলে যাতে বাহিৰৰ কাৰো সতে সম্পৰ্ক কৰিব নোৱাৰে তাৰ বাবে সিহঁতৰ মবাইল ফোন আদি জব্দ কৰি ৰাখে। পিছত কৌশলেৰে তাৰে চাৰি জন শ্ৰমিকে নিজৰ পত্নী-সন্তানক পনবন্দী হিচাবে ইটাভাটাত থৈ চৰ্দাৰৰ সন্ধানত যাও বুলি ঘৰলৈ আহি পৰিয়ালৰ লোকক সবিস্তাৰে সকলো কোৱাত ঘটনাটো পোহৰলৈ আহে। কতো সহায় নাপাই  শ্ৰমিক সকলৰ হৈ ৰাবিয়া বেগমে সহায় বিচাৰে সাংবাদিকৰ। সাংবাদিকে যোগাযোগ কৰিলে মৈৰাবাৰী থানা আৰক্ষীৰ সৈতে। যোগাযোগ হল আৰক্ষীৰ উৰ্ধতম মহলৰ সৈতেও। চৰ্দাৰক নাপালে মহিলাক বিক্ৰী কৰি টকা উলিয়াব বুলি শ্ৰমিকক হুমকি দিয়ে মালিকে। অৱশেষত মৈৰাবাৰী আৰক্ষীৰ সৈতে বৰপথাৰ - শান্তিপুৰ আৰক্ষীৰ যোগাযোগ ঘটে। শান্তিপুৰ আৰক্ষীয়ে দায়িত্ব সহকাৰে ২৮(28 )জন শ্ৰমিককে পত্নী সন্তান সহ ইটাভাটাৰ পৰা উদ্ধাৰ কৰে। আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰে ইটাভাটাৰ মালিকে। শান্তিপুৰ থানা ভাৰপ্ৰাপ্ত বিষয়া জনে নিশা শ্ৰমিক সকলক খুৱা বুৱা পৰ্যন্ত দিয়াৰ ওপৰিও হাতত দহ হাজাৰ টকা দি এখন টাটা মবাইলত  নজ ধিঙৰ ঘৰলৈ পঠিয়াই দিয়ে শ্ৰমিক সকলক।

Byte 
Visual at Ftp
Asrar Ansari 
  Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.