ETV Bharat / state

কাৰ্বি আংলঙত আৰক্ষীৰ হাতত নিহত UPRF ৰ দুই সদস্য

কাৰ্বি আংলঙৰ সিংহাসন পাহাৰৰ জলেনত দেওবাৰে দুপৰীয়া আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয় । এই সংঘৰ্ষত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ(UPRF) দুই সদস্য নিহত হয় ।

UPRF
কাৰ্বি আংলঙত আৰক্ষীৰ হাতত নিহত UPRFৰ দুই সদস্য
author img

By

Published : Jun 20, 2021, 8:33 PM IST

Updated : Jun 20, 2021, 10:38 PM IST

ডিফু, ২০ জুন : ৰাজ্যত অব্যাহত আছে আংশিক লক ডাউন(Lockdown) । তাৰ মাজতে ৰাজ্যৰ চাৰিওফালে চলিছে আৰক্ষীৰ অভিযান । এনে পৰিস্থিতিৰ মাজতে অসম আৰক্ষীৰ এক বৃহৎ সফলতা । অসম আৰক্ষীৰ হাতত নিহত উগ্ৰপন্থী সংগঠনৰ দুই সদস্য । কাৰ্বি আংলং জিলাৰ কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ(UPRF) দুই সদস্য আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় ৷

কাৰ্বি আংলঙত আৰক্ষীৰ হাতত নিহত UPRF ৰ দুই সদস্য
কাৰ্বি আংলঙত আৰক্ষীৰ হাতত নিহত UPRF ৰ দুই সদস্য

সিংহাসন পাহাৰৰ জলেনত দেওবাৰে দুপৰীয়া এই সংঘৰ্ষ হৈছিল ৷ আৰক্ষীৰ ওচৰত থকা নিশ্চিত তথ্যৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে এই অভিযান চলাইছিল ৷ উল্লেখ্য যে, ২০২০ চনৰ ছেপ্তেম্বৰ মাহত সংগঠনটোৰ সেনাধ্যক্ষ মাৰ্টিন কুকিয়ে বোকাজান থানাৰ অন্তৰ্গত তকৌলাংচ’ৰ বনভোজস্থলীলৈ আহি বনভোজ খাবলৈ অহা লোকৰ লগত ছেল্ফি উঠি চৰ্চালৈ আহিছিল আৰু তাৰ পিছতে আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত তেওঁৰ মৃত্যু হৈছিল ৷

অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ইয়াৰ পিছতে ২০২০ চনৰ ২১ ডিচেম্বৰত সংগঠনটোৰ সকলো সদস্য আত্মসমৰ্পণৰ বাবে আহিছিল ৷ কিন্তু তাৰ কেইদিনমান পিছতে বীৰাপ্পান আৰু অৰ্জুনৰ নেতৃত্বত ৬ গৰাকী সদস্য পুনৰ অস্ত্ৰসহ অৰণ্যলৈ উভতি যায় ৷ ইয়াৰে অৰ্জুন অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সম্প্ৰতি জেলত আছে । আনহাতে বীৰাপ্পানে নতুন সদস্য ভৰ্তি কৰি সংগঠন চলাই আছিল ৷ সেই সকলৰে দুগৰাকী সদস্যৰ আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত দেওবাৰে মৃত্যু হয় ৷

নিহত UPRF ৰ দুই সদস্য

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্টৰাজ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, বৰ্তমানলৈও UPRF উগ্ৰপন্থীৰ বিৰুদ্ধে এতিয়াও পাহাৰত অভিযান অব্যাহত আছে ৷ UPRF ৰ ১০-১২ জনীয়া দলৰ লগত দেওবাৰে দুপৰীয়া আৰক্ষীৰ গুলীয়াগুলী হয় ৷ সদস্য কেইজনে ধন দাবী কৰি নিবলৈ অহাৰ খবৰ আৰক্ষীৰ হাতত আছিল আৰু তাৰ ভিত্তিতে চলিছিল অভিযান ৷

উল্লেখ্য যে, দেওবাৰৰ সংঘৰ্ষত নিহত উগ্ৰপন্থী দুজনৰ পৰা আৰক্ষীয়ে দুটা এ কে ৫৬ ৰাইফলৰ আৰু ৫৮ জাঁই সজীৱ গুলীৰ লগতে লগতে আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ৷ অভিযানত মৃত্যু হোৱা UPRF উগ্ৰপন্থীৰ সদস্য দুজন হ’ল ছমিলেন ছাটচু ওৰফে মেস্কি আৰু থংছিলই কুকি ওৰফে টাইগাৰ ৷

লগতে পঢ়ক: প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ: প্ৰশান্ত বৈশ্য

Last Updated : Jun 20, 2021, 10:38 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.