ETV Bharat / state

কুকি উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীৰে সৈতে হোৱা এক মুখামুখি সংঘৰ্ষত ইউআৰপিএফ-ৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত ৷

author img

By

Published : Oct 6, 2020, 3:29 PM IST

UPRF leader martin guite death in a encounter of karbi anglong assam etv bharat news
মাৰ্টিন গুইটে নিহত

ডিফু,6 অক্টোবৰ: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ দুৰ্ধৰ্ষ কুকি উগ্ৰপন্থী সংগঠন ইউআৰপিএফ-ৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত হৈছে আৰক্ষীৰ গুলীত ৷ এই খবৰ পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি,সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং আৰক্ষীৰ এক অভিযানকাৰী দল আৰু অসম আৰক্ষীৰ ৰেঞ্জাৰ্চৰ সহযোগত সিংহাসন পাহাৰৰ সমীপৰ জলেইনত এক দুঃসাহসিক অভিযান চলায় ৷ এই অভিযানৰ সময়ছোৱাত দুয়োপক্ষৰ মাজত চলে প্ৰচণ্ড গুলীয়াগুলী ৷ পুৱতি নিশালৈকে অব্যাহত থকা এই গুলীয়াগুলীৰ পিছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় এটা উগ্ৰপন্থীৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত মৃতদেহটো উগ্ৰপন্থী সংগঠনটোৰ সেনাধ্যক্ষ মাৰ্টিন গুইটেৰ বুলি চিনাক্ত কৰা হয় ৷

মাৰ্টিন গুইটে নিহত

ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে এটা 7.65 পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিগত 25 আগষ্টত কাৰ্বি আংলঙৰ নান্দনিক জলপ্ৰপাত টকৌলাংছত স্থানীয় দৰ্শকৰ লগতে গুইটেই অৱসৰ বিনোদন কটোৱাৰ ফটো ভাইৰেল হৈছিল ছ’চিয়েল মেডিয়াত ৷

ঘটনাস্থলীৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ

লগতে চাওকঃ কৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.