ETV Bharat / state

স্বাধীনতা দিৱসৰ পূৰ্বে উগ্ৰপন্থীৰ আত্মসমৰ্পণ - অসমৰ বিদ্ৰোহী সংগঠন

কাৰ্বি আংলঙত পুনৰ ইউনাইটেড পিপলছ ৰিভলিউচনৰী ফ্ৰণ্টৰ কেইবাগৰাকীয়ো কেডাৰে আত্মসমৰ্পণ কৰিছে ।

UPRF cadre surrender
কাৰ্বি আংলঙত ২৭ গৰাকী UPRF কেডাৰৰ আত্মসমৰ্পণ
author img

By

Published : Aug 14, 2021, 5:24 PM IST

ডিফু, ১৪ আগষ্ট : লাহে লাহে অসমৰ বিদ্ৰোহী সংগঠনসমূহ মূল সুঁতিলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ কেইবাটাও সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰা দেখা গৈছে । কেৱল এয়াই নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘোষণা কৰা মতে আলফা স্বাধীনেও (ULFA) অহা তিনি মাহলৈ যুদ্ধ বিৰতি সম্প্ৰসাৰণ কৰিছে ।

গতিকে এই খবৰে অসমৰ প্ৰতিগৰাকী নাগৰিককে আনন্দিত কৰিছে । ইয়াৰ মাজতে আন এক ভাল খবৰ । এইবাৰ মূল সুঁতিলৈ উভতিছে 'ইউনাইটেড পিপলছ ৰিভলিউচনৰী ফ্ৰণ্ট' চমুকৈ ইউপিআৰএফৰ (UPRF) কেইবাগৰাকী সদস্য ।

কাৰ্বি আংলঙৰ কুকি বিদ্ৰোহী সংগঠনটোৰ ২৭ গৰাকীকৈ সদস্যই এইবাৰ আত্মসমৰ্পণ কৰাৰ খবৰ আহিছে । সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি সদস্যকেইজনে ডিলাই থানাৰ অন্তৰ্গত ছাইজঙত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে ।

অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং সহ কেইবাগৰাকী শীৰ্ষ আৰক্ষী ৷ উগ্ৰপন্থীৰ সদস্যসকলে চাৰিটাকৈ অত্যাধুনিক ৰাইফল (Rifle), পাঁচটা পিষ্টল, কেইবাটাও পইণ্ট ২২ বন্দুকৰ লগতে অন্যান্য নথিপত্ৰসমূহ আৰক্ষীক হস্তান্তৰ কৰে ৷ বিদ্ৰোহী সংগঠনৰ কেডাৰৰ আত্মসমৰ্পণে এতিয়া কাৰ্বি আংলঙত ব্যাপক চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :বঙাইগাঁও জিলাৰ অভয়াপুৰীত তুংগত স্বাধীনতা দিৱসৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.