ডিফু, ২৩ জানুৱাৰী: আগন্তুক ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা সময়তে কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে ৰাজ্য়ৰ সীমামূৰীয়া অঞ্চলসমূহত উগ্ৰপন্থী সংগঠনসমূহৰ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা । শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং জিলা আৰক্ষীৰ অভিযানত আটক ইউ পি আৰ এফৰ তিনি দুধৰ্ষ কেডাৰ ।
ধৃত কেডাৰ তিনিজন ক্ৰমে অৰ্জুন কুকি ওৰফে পাউটিংকল চিংচন (২৮), ছেইমিলাল কুকি (২৫) আৰু পাউলুন উছ (২৪) । ধৃত কেডাৰ তিনিজনৰ পৰা আৰক্ষীয়ে এটা ৩২ এম এম পিষ্টল, দুইজাঁই সজীৱ গুলী, মেগজিন, ৩ টা মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ।
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমৰ ভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী সংগঠনসমূহে কূটাঘাট সৃষ্টি কৰিবলৈ চেষ্টা অূ্যাহত ৰাখিছে যদিও শুকুৰবাৰে নিশা কাৰ্বি আংলং জিলা আৰক্ষী নাহিদ কৰিশ্মাৰ নেতৃত্বত বোকাজানৰ এছডিপিঅ' জন দাসৰ লগতে উপ পৰিদৰ্শকদ্বয় জিতুমনি ডেকা আৰু মৌবলিক ব্ৰক্ষ্মৰ লগতে ২০ বি এন চি আৰ পি এফ আৰু বেটেলিয়নৰ যৌথ অভিযানত মাঞ্জা থানা এলেকাৰ পি তাইজল নামৰ এলেকাৰ পৰা তিনি দুধৰ্ষ কেডাৰক আটক কৰে ।
লগতে পঢ়ক: মোডীৰ অসম ভ্ৰমণক লৈ বৰপেটাত অৱস্থান ধৰ্মঘট