ডিফু, 30 আগষ্ট : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত শনিবাৰে নিশা বন বিভাগে অভিযান চলাই লক্ষাধিক টকাৰ মূল্যবান চোৰাং কাঠ জব্দ কৰে ৷ বন বিভাগে এই অভিযানৰ সময়ত দুজন লোকক আটক কৰাৰ লগতে চোৰাং কাঠৰ সৰবৰাহ কৰা দুখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ।

বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে বকলীয়াঘাটৰ শিলপোতাত অভিযান চলাই কাঠ ভৰ্তি এ এছ-০২-ই-২৮৮৭ আৰু এ এছ-০২-ই-৫৬৬৭ নম্বৰৰ বাহন দুখন জব্দ কৰে । দুয়োখন বাহনত হালদু, বগীপমা, লালি আদি মূল্যবান কাঠৰ বাটাম থকা বুলি বন বিভাগে জানিবলৈ দিয়ে ।
বন বিভাগে সদৰী কৰা অনুসৰি জব্দ হোৱা কাঠখিনিৰ চৰকাৰী মূল্য প্ৰায় লক্ষাধিক টকা । জব্দ হোৱা কাঠখিনি মাৰাত লংৰি সংৰক্ষিত বনাঞ্চলৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।

লগতে পঢ়ক : পুনৰ নলবাৰীত ডকাইতৰ আত্মসমৰ্পণ