ডিফু, 1 ফেব্ৰুৱাৰী : ডকমকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠন পিপুলছ ডেম'ক্ৰেটিক কাউঞ্চিল অৱ কাৰ্বি আংলং চমুকৈ পিডিচিকেৰ দুই দুৰ্ধৰ্ষ কেডাৰ ৷ এদিন পূৰ্বে ধন দাবী কৰিবলৈ আহি দুটাকৈ পিডিচিকে কেডাৰ স্থানীয় লোকৰ সহযোগত আৰক্ষীৰ জালত পৰাৰ পিছত যোৱা নিশা পুনৰ ডকমকা আৰক্ষীয়ে অভিযান চলাই এই দুই কেডাৰক আটক কৰে ৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই পিডিচিকে সদস্য ক্ৰমে, ক্লামবং টেৰণ আৰু জিৰছং এজাংপ'ৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা প্ৰায় 1 বজাত ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংবাংক্ৰই এলেকাত পুলিছ আৰু চিআৰপিএফে অভিযান চলায় ৷ ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ কোব্ৰা ৰেজিমেণ্টৰ অভিযানকাৰী দলে নিশা অস্ত্ৰসহ দুই কেডাৰক গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীৰ জালত পৰা পিডিচিকেৰ কেডাৰ দুজন ক্ৰমে,আঞ্জুকপানী থানা অন্তৰ্গত চন্দ্ৰ আথই গাঁৱৰ আৰমুঙ তেকাঙ ওৰফে ক্লিং তেৰাঙ(25) আৰু ডকমকাৰ লংকাম ডেৰা ওৰফে মহেন ফাংচ'(21) বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে আৰমুঙ তেৰাঙ উগ্ৰপন্থী সংগঠনটোৰ লেন্স নায়ক হোৱাৰ বিপৰীতে লংকাম ডেৰা ব্যক্তিগত প্ৰশিক্ষক বুলি জানিব পৰা গৈছে ৷ ধৃত উগ্ৰপন্থী দুজনৰ কৱলৰ পৰা এটা পইণ্ট 22 পিষ্টল, চাৰিজাঁই সজীৱ গুলীসহ এটা মেগজিন উদ্ধাৰ কৰা হৈছে ৷ এই সন্দৰ্ভত ডকমকা থানাত 05/2020 নম্বৰত এক গোছৰ ৰুজু কৰা হৈছে ৷ আনহাতে 30 জানুৱাৰীৰ নিশা আটক কৰা উগ্ৰপন্থী সদস্য দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷
আৰু পঢ়ক : শ্বাহীন বাগত বন্ধুকধাৰীৰ মুকলিকৈ গুলীচালনা