ETV Bharat / state

চুৰি গাড়ীসহ আৰক্ষীৰ জালত দিল্লীৰ গাড়ী চোৰ - মহিলা সহ তিনিজন লোকক আটক

ৰাজ্যত সক্ৰিয় হৈছে আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ চক্ৰ । এইবাৰ অসম পালেহি দিল্লীৰ পৰা চুৰি কৰা বাহন । মাঞ্জা আৰক্ষীৰ জালত মহিলাসহ তিনি গভাইত চোৰ (Car lifters arrested by Manja Police) ।

three car lifter apprehanded at manja
চুৰি গাড়ী সহ আৰক্ষীৰ জালত দিল্লীৰ তিনি গাড়ী চোৰ
author img

By

Published : Apr 4, 2022, 2:05 PM IST

ডিফু, 4 এপ্ৰিল : পুনৰ ৰাজ্যত সক্ৰিয় হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰ চক্ৰ ৷ মাঞ্জা আৰক্ষীৰ জালত পৰিল দিল্লীৰ তিনি গভাইত গাড়ী চোৰ(Car lifters arrested by Manja Police) ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫ মান বজাত মাঞ্জা আৰক্ষীয়ে মাঞ্জাৰ ICDP ৰ ওচৰত চলোৱা এক তালাচীত বকলীয়াঘাটৰ দিশৰ পৰা আহি থকা UP 15 DM 0963 নম্বৰৰ বিলাসী বলেন' বাহনত সন্দেহবশত তালাচী চলাই চুৰি বাহন বুলি নিশ্চিত কৰে ৷

গাড়ীখনৰ চুৰি কাৰ্যৰ লগত জড়িত মহিলাসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ধৃত গাড়ীচোৰ কেইটা ক্ৰমে চালক আশীস চৌধুৰী, ৰবিন্দৰ যাদৱ আৰু তেওঁৰ পত্নী সংগীতা যাদৱ ৷ ধৃত আটাকেইটা চোৰৰ ঘৰ উত্তৰ প্ৰদেশৰ মীৰাটত বুলি সদৰি কৰে আৰক্ষীয়ে ৷

three car lifter apprehanded at manja
বকলীয়াঘাট দিশৰ পৰা আহি আছিল বাহনখন

উল্লেখযোগ্য যে, দিল্লীৰ ছায়া বাঞ্চালৰ নামত থকা বাহন এখনৰ নম্বৰ প্লেট ব্যৱহাৰ কৰাৰ লগতে চুৰি বাহনখনৰ চেচিচ নম্বৰো বিকৃত কৰে চোৰ কেইটাই ।

কিন্তু চুৰি বাহনখনৰ ইঞ্জিন নম্বৰটো সলনি কৰিব নোৱাৰাৰ বাবে গাড়ীখন চুৰি কৰা বুলি আৰক্ষীয়ে নিশ্চিত হৈ পৰে (Police operation against car lifters)৷ ইয়াৰোপৰি সংগীতা যাদৱে নিজৰ পৰিচয় পত্ৰ লুকুৱাই থৈ ছায়া বাঞ্চালৰ নামত ভুৱা আধাৰ কাৰ্ড লৈ দিল্লীৰ পৰা গাড়ীখনলৈ ডিমাপুৰৰ সমীৰ নামৰ লোক এজনক হস্তান্তৰ কৰিবলৈ লৈ যাওতেই গাড়ীসহ আৰক্ষীৰ জালত পৰে চক্ৰটো ৷

লগতে পঢ়ক: Suspected Maoist Detain: মাওবাদীৰ সন্দেহত কৰিমগঞ্জত আটক স্বামী-স্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.