ETV Bharat / state

শুকুৰবাৰৰ পৰা কাৰ্বি যুৱ মহোৎসৱ, উপস্থিত থাকিব ৮খন দেশৰ ৰাষ্ট্ৰদূত - কাৰ্বি যুৱ মহোৎসৱ

Karbi Youth Festival 2024 : কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি সম্পূর্ণ ৷ কাৰ্বি পিপুলছ হলত সংবাদমেল সম্বোধন উদ্যোক্তা সকলৰ ৷

Karbi Youth Festival 2024
কাৰ্বি যুৱ মহোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:22 PM IST

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী

ডিফু, 11 জানুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যুব মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে প্ৰস্তুতি সম্পূর্ণ কৰি তোলা হৈছে ৷ আজি কাৰ্বি যুব মহোৎসৱস্থলীৰ কাৰ্বি পিপুলছ হলত এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু আদৰণি সমিতিৰ সম্পাদক ৰিচার্ড টকবি, পৰিষদৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুং, সূর্য ৰংফাৰ আৰু ৰিতেশ ইংতিয়ে ৷ সংবাদমেল যোগে চন্দ্ৰছিং ক্ৰ’ই কয় যে এইবাৰ 35টা মণ্ডলৰ পাঁচ হাজাৰতকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷ শিল্পীসকলক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে আদৰণি সমিতিয়ে ৷

এইবাৰ আমেৰিকাৰ কালচাৰেল ৰেজিষ্টেন্স নামৰ সংস্থা এটাই জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ তিনিগৰাকী পুৰোধা ব্যক্তিলৈ বঁটা আগবঢ়াব ৷ কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এই বঁটাৰ বাবে যুব মহোৎসৱৰ অন্যতম প্ৰতিষ্ঠাপক ৰয় ইংহি, কাৰ্বি লোক-সাহিত্যৰ গৱেষক লুঞ্চে তিমুং আৰু বিশিষ্ট গায়িকা পখিলা লেকথেপীলৈ এই সন্মান প্ৰদান কৰিবলৈ নাম মনোনীত কৰা বুলি প্ৰকাশ কৰি এই বঁটা 17 জানুৱাৰীত প্ৰদান কবা হ'ব বুলিও জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ পৰিষদৰ 30 টা বিভাগৰ জৰিয়তে তাৰালাংছ'ত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰি এইবাৰ সোণালী জয়ন্তী মহোৎসৱ বহুক্ষেত্ৰত ব্যতিক্ৰমী হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মহোৎসৱস্থলীত প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা বুলি ৰিচার্ড টকবিয়ে উল্লেখ কৰি পানীৰ বটল ব্যৱহাৰৰ ক্ষেত্ৰত এইবাৰ নিষেধাজ্ঞা থাকিব বুলি জানিবলৈ দিয়ে ৷ পানীৰ নাটনি দূৰ কৰিবলৈ বহুকেইটা কুঁৱা বনোৱাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগেও পর্যাপ্ত খোৱাপানীৰ যোগান ধৰিব বুলিও সংবাদমেলত ব্যক্ত কৰে তেওঁ ৷ ইফালে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ উপৰি ক্ৰমে লাউচ, কম্বোডিয়া, ম্যানমাৰ, ভিয়েটনাম, ঘানা, মালদ্বীপ, ইথিওপিয়াৰ ৰাষ্ট্ৰদূত উপস্থিত থকাৰ বাবে সন্মতি প্ৰদান কৰা বুলিও সংবাদমেলত জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

আন্তঃৰাষ্ট্ৰীয় বহু শিক্ষার্থীয়েও এইবাৰ যুৱ মহোৎসৱত অংশ ল'ব বুলি জানিব পৰা গৈছে ৷ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া কাৰ্বি যুৱ মহোৎসৱত সমগ্ৰ অসমৰ লগতে দেশৰ নাগৰিকক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে আয়োজক কাৰ্বি সাংস্কৃতিক সমাজে ৷ আনহাতে ৰাষ্ট্ৰপতি ভ্ৰমণৰ পূৰ্বে আজি তাৰালাংচ'ত উপস্থিত হৈ নিৰাপত্তাৰ দিশ পৰ্যালোচনা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷

লগতে পঢ়ক : ভাৰতীয় সেনাৰ জং সামূহিক স্বাস্থ্য কেন্দ্ৰক অক্সিজেন কনচেণ্ট্ৰেটৰ দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.