ETV Bharat / state

পুত্ৰৰ কথা লুকুৱাই চাকৰিৰ পৰা নিলম্বিত আৰক্ষী কণিষ্টবল

তিনি পাৰ্বত্য জিলাত লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক ৷ ঠায়ে ঠায়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা লোকক উত্তম মাধ্যম আৰক্ষী প্ৰশাসনৰ ৷

police constable suspended in karbi anglong
পুত্ৰৰ কথা লুকুৱাই চাকৰিৰ পৰা নিলম্বিত আৰক্ষী কণিষ্টবল
author img

By

Published : Mar 26, 2020, 9:51 AM IST

ডিফু,26 মাৰ্চঃ পৃথিৱীৰ বুকুত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশ জুৰি অহা ১৪ এপ্ৰিললৈকে আহ্বান জনোৱা লকডাউনৰ সিদ্ধান্তক সমগ্ৰ দেশবাশীৰ লগতে তিনি পাৰ্বত্য জিলাই পূৰ্ণ সমৰ্থন জনাই লক ডাউন কাৰ্যকৰী কৰাৰ ফলত স্তব্ধহৈ পৰিছে জিলাখনৰ জনজীৱন ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে দেশৰ লগত ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ তিনি পাৰ্বত্য জিলা ক্ৰমে,কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ লোকে লক ডাউনৰ সময়ছোৱাত নিজ ঘৰৰ চৌহদতে নিজ পৰিয়ালৰ সৈতে নিজকে আবদ্ধ কৰি ৰাখিছে যদিও একাংশ কাণ্ডজ্ঞানহীন লোকে ৰাজপথলৈ ওলাই আহি চৰকাৰী নিৰ্দেশনাক সম্পূৰ্ণৰূপে ভেঙুচালি কৰা পৰিলক্ষিত হৈছে ৷ কোনো কোনো ঠাইত চৰকাৰী আইন অমান্য কৰা লোকৰ ওপৰত লাঠি চাৰ্জ কৰিবলৈও বাধ্য হৈছে আৰক্ষী প্ৰশাসন ৷

পুত্ৰৰ কথা লুকুৱাই চাকৰিৰ পৰা নিলম্বিত আৰক্ষী কণিষ্টবল

সমগ্ৰ দেশত এই জৰুৰী অৱস্থা বাহাল থকা সময়তে ডিফুত এজন আৰক্ষী বিষয়াৰ চৰম কাণ্ডজ্ঞানহীনতাই আচম্বিত কৰিছে ডিফুবাসীক ৷ প্ৰাপ্ত তথ্য মতে,কাৰ্বি আংলং জিলা আৰক্ষীত কৰ্মৰত ডিফু আৰক্ষী ছাউনীৰ এবি কণিষ্টবল এজনৰ তামিলনাডুত অধ্যয়নৰত পুত্ৰ ২২ মাৰ্চত চেন্নাইৰ পৰা ডিফুলৈ ঘূৰি আহিছিল ৷ সমগ্ৰ ৰাজ্যতে বিদেশ বা বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষা চলাই থকাৰ সময়তে বিষয়াগৰাকীয়ে নিজ পুত্ৰৰ কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ বা কোৱাৰেণ্টাইন নকৰাকৈ পুত্ৰৰ ভ্ৰমণৰ সম্পূৰ্ণ বিষয়টো লুকুৱাই ৰখাৰ চেষ্টা কৰিলে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কণিষ্ঠবলজনৰ প্ৰতি কঠোৰ নীতি গ্ৰহণ কৰি চাকৰিৰ পৰা ২৫ মাৰ্চ ২০২০ তাৰিখৰ মেম' নম্বৰ ডিফু/ আৰডি/ ২০২০/৫১২যোগে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে ৷ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ এইধৰণৰ অবিবেচক কাণ্ডই বৰ্তমান হতচকিত কৰিছে অঞ্চলবাসীৰ লগতে সচেতন মহলক ৷

লগতে পঢ়কঃলক্ ডাউন : ৰাজ্যজুৰি অচলাৱস্থা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.