ETV Bharat / state

Car lifter arrested :কাৰ্বি আংলঙত উদ্ধাৰ ৩ বছৰ পূৰ্বে চুৰি হোৱা বিলাসী বাহন

গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান । অভিযানত গাড়ী চুৰি চক্ৰৰ দুই সদস্যক গ্ৰেপ্তাৰ মাঞ্জা আৰক্ষীৰ (Car lifter arrested in Karbi Anglong)। তিনি বছৰ পূৰ্বে চুৰি হোৱা এখন বাহন উদ্ধাৰ কৰে আৰক্ষীয়ে ।

car thief
কাৰ্বি আংলঙত উদ্ধাৰ ৩ বছৰ পূৰ্বে চুৰি হোৱা বিলাসী বাহন
author img

By

Published : Feb 4, 2022, 1:42 PM IST

ডিফু,৪ ফেব্ৰুৱাৰী : তিনিবছৰ পূৰ্বেই সোণাপুৰৰ পৰা চুৰি হোৱা এখন বিলাসী বাহন বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে পুৱাই অভিযান চলাই চুৰি বিলাসী বাহনখন জব্দ কৰাৰ লগতে দুটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Car lifter arrested in Karbi Anglong)৷

আৰক্ষী সূত্ৰই জনোৱা মতে পুৱা প্ৰায় ৮.৩০ মান বজাত ডিমাপুৰ অভিমুখে গৈ থকা AS-০১-BK-০০৮৮ নম্বৰৰ চাৰিচকীয়া বাহনখনত মাঞ্জা থানাৰ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলাইছিল (Car lifter in Karbi Anglong) । পাছত সেই বাহনখন ২০১৯ চনতে সোণাপুৰৰ পৰা চুৰি কৰি অনা বুলি নিশ্চিত হয় আৰক্ষী ৷

সোণাপুৰ থানাত এতিয়াও, এই সন্দৰ্ভত ৫৭৭/১৯ নম্বৰত এক গোচৰ পঞ্জীয়নভূক্ত হৈ আছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাড়ী চোৰ দুটা ক্ৰমে মণিপুৰৰ চূড়াচান্দপুৰ তুবুং থানাৰ অন্তৰ্গত চিমুনকাট নিৱাসী ৰবাৰ্ট এন গামিনথাং তৌথাং আৰু মণিপুৰ টেন্নপাল জিলাৰ মৰে থানাৰ অন্তৰ্গত টি টংলহাং নিৱাসী পাওমিনলাল মিচাও বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক :Theft in Meghdoot Bhawan: অৱশেষত আৰক্ষীৰ জালত মেঘদূত ভৱনৰ চোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.