ডিফু,30 জুন: কাৰ্বি আংলং জিলাৰ ডিফুত সুলভ মূল্যৰ দোকানৰ বিৰুদ্ধে একাধিক সংগঠনে চলালে অভিযান ৷ কাৰ্বি আঙলঙৰ ৰণেণ বৰুৱা স্বত্বাধিকাৰী নামৰ ট্ৰেডিং চিণ্ডিকেট নামৰ সুলভ মূল্যৰ দোকানখনৰ বিৰুদ্ধে এই অভিযান চলায় ১০ টাকৈ সংগঠনে ৷ উল্লেখ্য যে, সংগঠনসমূহে এক গোপন সূত্ৰৰ পম খেদি সুজিত চক্ৰৱৰ্তীৰ বাসগৃহৰ পৰা এটা বিপিএল চাউলৰ ৫০ কেজি বস্তা উদ্ধাৰ কৰে ৷ সংগঠনৰ নেতৃবৰ্গৰ ভাষ্য অনুসৰি, ২৬ জুনত সুজিত চক্ৰৱৰ্তীৰ পত্নী সপ্না চক্ৰৱৰ্তীৰ নামত থকা ডি/ ডব্লিউ/ বিপিএল ২৪২ কাৰ্ডখনৰ বাবে এটকা দৰত ৬ জনীয়া সদস্যৰ বাবে ৩০ কেজি চাউল ল'বলৈ আহি অতিৰিক্ত ২০ কেজি চাউল অতিৰিক্তকৈ ১৫ টকা মূল্যত কিনি লৈ যায় ৷ সেয়েহে সাময়িকভাবে দোকানখন বন্ধ কৰি কাৰ্বি আংলং ট্ৰেডিং চিণ্ডিকেট নামৰ সুলভ মূল্যৰ দোকানখনৰ অনুজ্ঞা পত্ৰ বাতিল কৰিবলৈ দাবী জনাইছে সংগঠনসমূহে৷
ডিফুত সুলভ মূল্যৰ দোকানৰ বিৰুদ্ধে একাধিক সংগঠনৰ অভিযান
ডিফুত সুলভ মূল্যৰ দোকানৰ বিৰুদ্ধে অভিযান ৷ ১৫ টকা দৰত বিক্ৰী ১টকীয়া বিপিএল চাউল ৷
ডিফু,30 জুন: কাৰ্বি আংলং জিলাৰ ডিফুত সুলভ মূল্যৰ দোকানৰ বিৰুদ্ধে একাধিক সংগঠনে চলালে অভিযান ৷ কাৰ্বি আঙলঙৰ ৰণেণ বৰুৱা স্বত্বাধিকাৰী নামৰ ট্ৰেডিং চিণ্ডিকেট নামৰ সুলভ মূল্যৰ দোকানখনৰ বিৰুদ্ধে এই অভিযান চলায় ১০ টাকৈ সংগঠনে ৷ উল্লেখ্য যে, সংগঠনসমূহে এক গোপন সূত্ৰৰ পম খেদি সুজিত চক্ৰৱৰ্তীৰ বাসগৃহৰ পৰা এটা বিপিএল চাউলৰ ৫০ কেজি বস্তা উদ্ধাৰ কৰে ৷ সংগঠনৰ নেতৃবৰ্গৰ ভাষ্য অনুসৰি, ২৬ জুনত সুজিত চক্ৰৱৰ্তীৰ পত্নী সপ্না চক্ৰৱৰ্তীৰ নামত থকা ডি/ ডব্লিউ/ বিপিএল ২৪২ কাৰ্ডখনৰ বাবে এটকা দৰত ৬ জনীয়া সদস্যৰ বাবে ৩০ কেজি চাউল ল'বলৈ আহি অতিৰিক্ত ২০ কেজি চাউল অতিৰিক্তকৈ ১৫ টকা মূল্যত কিনি লৈ যায় ৷ সেয়েহে সাময়িকভাবে দোকানখন বন্ধ কৰি কাৰ্বি আংলং ট্ৰেডিং চিণ্ডিকেট নামৰ সুলভ মূল্যৰ দোকানখনৰ অনুজ্ঞা পত্ৰ বাতিল কৰিবলৈ দাবী জনাইছে সংগঠনসমূহে৷
DIFu
Conclusion: