ETV Bharat / state

লোক আদালতক লৈ জাননি কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ

author img

By

Published : Jul 5, 2021, 9:41 PM IST

10 জুলাই পৰা আৰম্ভ হ'ব সৰ্বভাৰতীয় পৰ্যায়ত অনলাইন লোক আদালত ৷ লোক আদালতক লৈ বহু কেইটা পৰামৰ্শ আগবঢ়াইছে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে ৷

Online Lok Adalat
লোক আদালতক লৈ জাননি কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ

ডিফু, 5 জুলাই : ক'ভিড সৃষ্ট পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এইবাৰ অনুষ্ঠিত হ'ব অনলাইন লোক আদালত ৷ আদালতত বিচৰাধীন কেতবোৰ গোচৰৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ন্যায় সেৱা প্ৰাধিকৰণৰ অধীনত অহা ১০ জুলাইত সৰ্বভাৰতীয় পৰ্যায়ত লোক আদালতৰ আয়োজন কৰা হৈছে ৷ ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে google meet ৰ সহায়ত লোক আদালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

সমগ্ৰ দেশখনৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো উক্ত দিনটোত লোক আদালতৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ৷ কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে সোমবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ যি সকল লোকে ইতিমধ্যে এই সন্দৰ্ভত জাননী লাভ কৰিছে এই সকলো লোকক নিজ নিজ অধিবক্তাৰ সৈতে যোগাযোগ কৰি অনলাইন লোক আদালতত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাই নাগিব আহমেদে ৷

আনহাতে যি সকল লোকৰ কোনো অধিবক্তা নাই তেনে লোকক ৯৫০৮৫৫২২৮৯৮ অথবা ৭০০২৮১৪১২২১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব গৰাকীয়ে ৷ এপিডিচিএল, জিলা দণ্ডাধীশ, নগৰ সমিতি, বেঙ্ক আদি প্ৰতিষ্ঠানৰ পৰা জাননী লাভ কৰিলে তেনে লোক সকলে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিব লাগিব ৷ লোক আদালতত অংশ লোৱা সকলে নিজৰ পৰিচয় পত্ৰ জমা দিব লাগিব ৷

লগতে পঢ়ক: একাংশ আশ্ৰয়হীন লোকক লৈ নগাঁৱত আতংক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.