ETV Bharat / state

60ৰ উৰ্ধৰ বৃদ্ধাক একেদিনাই দুবাৰকৈ ক'ভিড প্ৰতিষেধক প্ৰদান

author img

By

Published : Jul 24, 2021, 10:35 PM IST

চিকিৎসা বিভাগৰ কাণ্ড শুনিলে ভয় লাগিব আপোনাৰো । এগৰাকী ৬০ৰ উৰ্ধৰ বৃদ্ধাক একেদিনাই দিলে ক’ভিড ভেকচিনৰ দুটাকৈ পালি । বোকাজান মহকুমাৰ বালিপথাৰ ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত সংঘটিত হৈছে এই আজব ঘটনা ।

an-old-woman-was-given-both-the-dose-of-covid-vecin-on-the-same-day-in-bokajan
বোকাজানত এগৰাকী বৃদ্ধাক একেদিনাই দিলে ক’ভিড ভেকচিনৰ দুয়োটা পালি

ডিফু, 24 জুলাই : ক'ভিড প্ৰতিষেধকক লৈ মানুহৰ মাজত সচেতনতা গঢ় লৈ উঠাৰ সময়তে বোকাজান চিকিৎসা বিভাগ(BOKAJAN HEALTH DEPARTMENT)ৰ আজৱ কাণ্ডই সকলোৰে চকু কপালত তুলিছে । চিকিৎসা বিভাগৰ কাণ্ড শুনিলে ভয় লাগিব আপোনাৰো । এগৰাকী ৬০ৰ উৰ্ধৰ বৃদ্ধাক একেদিনাই দিলে ক’ভিড ভেকচিন(COVID Vaccine)ৰ দুটাকৈ পালি । বোকাজান মহকুমাৰ বালিপথাৰ ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত সংঘটিত হৈছে এই আজৱ ঘটনা ।

দেউপানীৰ নিৱাসী ৬০ৰ উৰ্ধৰ বৃদ্ধা সৰুমাই শইকীয়াক চিকিৎসা কৰ্মীয়ে একেদিনাই প্ৰদান কৰিলে ক’ভিড ভেকচিনৰ দুটাকৈ পালি ৷ ঘটনা অনুসৰি সৰুমাই শইকীয়াই নিজৰ নাতিয়েকৰ সৈতে ভেকচিন ল'বলৈ গৈছিল আৰু নাতিয়েকে বাহিৰৰ পৰাই আইতাকক ভেকচিন দিয়া প্ৰত্যক্ষ কৰি আছিল ৷ সেই সময়তে আইতাক সৰুমাই শইকীয়াক দুবাৰকৈ ভেকচিন দিবলৈ লওতে নাতিয়েকে বাহিৰৰ পৰা চিঞৰিছিল যদিও নাতিয়েকৰ কথাক আওকান কৰি দুবাৰকৈ ভেকচিন প্ৰদান কৰিলে নাৰ্চগৰাকীয়ে ।

বালিপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ ডাঃ টি এল পুদাইটেৰ পৰ্যবেক্ষণতে সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড ৷ জানিব পৰা মতে, পূৰ্ণিমা তেৰাংপি নামৰ নাৰ্চগৰাকীয়ে বৃদ্ধা গৰাকীক প্ৰতিষেধক প্ৰদান কৰিছিল ৷ উল্লেখযোগ্য যে, আইতা গৰাকীক ক'ভিড ভেকছিনৰ প্ৰথমটো পালি প্ৰদান কৰি আকৌ কিছু সময়ৰ পাচতে দ্বিতীয়টো পালি প্ৰদান কৰিছে স্বাস্থ্য কৰ্মীয়ে ৷ সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাচতে এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

আনহাতে বৃদ্ধা গৰাকীক স্বাস্থ্য কৰ্মীয়ে পৰ্যবেক্ষণত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ এতিয়া প্ৰশ্ন হয়, যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো জনসাধাৰণকে নীতি নিয়মৰ মাজৰে ক’ভিড ভেকছিন প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ সেই সময়তে ক্ষুদ এখন চৰকাৰী চিকিৎসালয়তে এগৰাকী 60 উৰ্ধৰ বৃদ্ধাক একেদিনাই ক’ভিড ভেকছিনৰ দুটাকৈ পালি প্ৰদান কৰা কাণ্ডই সকলোকে হতচকিত কৰিছে ৷

লগতে পঢ়কঃ Tokyo Olympics: মণিপুৰৰ মীৰাবাই চানুৱে আনিলে প্ৰথমটো ৰূপৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.