ETV Bharat / state

ফ্লপ শ্ব' পৰিণত বিজেপিৰ গণ সমাৱেশ: এনপিপি - ডিফু-মাঞ্জা পথৰ এনপিপিৰ মুখ্য কাৰ্যালয়

বিগত ২৫ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙৰ ডেনগাঁৱৰ নুৰীক আক্লামত বিজেপিৰ গণ সমাৱেশক ফ্লপ শ্ব’ আখ্যা দিয়ে জিলাখনৰ আত্মপ্ৰকাশ কৰা এনপিপি দলৰ পাৰ্ত্য ইউনিটে ৷ শুকুৰবাৰে ডিফু-মাঞ্জা পথৰ এনপিপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এনপিপিৰ নেতৃত্বই নিজৰ মত প্ৰকাশ কৰিছে ৷

ফ্লপ শ্ব' বিজেপিৰ গণ সমাৱেশঃ এনপিপি
ফ্লপ শ্ব' পৰিণত বিজেপিৰ গণ সমাৱেশ: এনপিপি
author img

By

Published : Feb 27, 2021, 11:54 AM IST

ডিফু,27 ফেব্ৰুৱাৰীঃ বিগত ২৫ ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ নুৰীক আক্লামত বিজেপিৰ গণ সমাৱেশক ফ্লপ শ্ব’ আখ্যা দিয়ে জিলাখনৰ আত্মপ্ৰকাশ কৰা এনপিপি দলৰ পাৰ্ত্য ইউনিটে ৷ শুকুৰবাৰে ডিফু-মাঞ্জা পথৰ এনপিপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এনপিপিৰ নেতৃত্বই নিজৰ মত প্ৰকাশ কৰিছে ৷

সংবাদ মেলত এনপিপি দলৰ মুখপাত্ৰ ওৱেলকাম টেৰণে কয় যে ২.৫০ লক্ষাধিক সমৰ্থকৰ অংশগ্ৰহণৰ লক্ষ্য লৈ সমাৱেশ আয়োজন কৰাৰ পিছত প্ৰায় ৫০ হাজাৰ সমৰ্থক সমৱেত হৈছিল ৷ এই ছবিয়ে জিলাবাসীয়ে বিজেপিক প্ৰত্যাখান কৰা বুলি প্ৰকাশ কৰে ৷ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কেএনএলএফৰ মাজত শান্তি চুক্তি হ’ব বুলি বিজেপিয়ে জন সাধাৰণক মিছাকৈ কৈ সমাৱেশ সফল কৰাৰ চেষ্টা কৰিছিল বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷ প্ৰস্তাৱিত শান্তি চুক্তি নিৰ্বাচনকেন্দ্ৰিক নেকি বুলিও অন্য এক প্ৰশ্ন উত্থাপন হৈছিল ৷ বিবৃতিটোত যদিহে দুয়োখন চৰকাৰ ২৪৪(ক) ৰূপায়ণক লৈ উদ্বিগ্ন, তেন্তে যোৱা ৭ বছৰে বিষয়টোক লৈ কিয় মৌনতা অৱলম্বন কৰিছিল সংবাদমেলযোগে প্ৰশ্ন কৰে এনপিপিৰ নেতৃত্বই ৷

অসম চৰকাৰে সদায় দুমুখীয়া নীতি গ্ৰহণ কৰি এটা বিষয়ক লৈ প্ৰতিশ্ৰুতি সিটো লুকুৱাই আন কামহে কৰে ৷ এএছডিচি, কেএছএ আৰু ভাৰত চৰকাৰৰ মাজত সম্পন্ন হোৱা বুজা-বুজি চুক্তিৰ ২৬ বছৰ অতিবাহিত হোৱাৰ পিছতো চুক্তি সম্পূৰ্ণ ৰূপত ৰূপায়িত নহ'ল ৷ ২০১১ চনত ইউপিডিএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ বুজাবুজি চুক্তি কেৱল এটুকুৰা কাগজ হৈয়ে থাকিল ৷ গৃহমন্ত্ৰী অমিত শ্বাহে জিলাবাসীক অসম চৰকাৰৰ জৰিয়তে বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ কৰে এনপিপিৰ নেতা গৰাকীয়ে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই মিঠা মিঠা কথাৰে কাৰ্বি আংলঙৰ ৰাজনীতিক পৰিচালনা কৰিছে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জন সভাত কোৱা ধৰণে কিয় এছআই ইউক ব্ৰক্ষ্মপুত্ৰত নিক্ষেপ নকৰিলে বুলিও সংবাদমেল যোগে মন্তব্য প্ৰকাশ কৰে এনপিপিৰ নেতৃত্বই৷ জিলাখনৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক) ৰূপায়াণৰ সৎ সমাধানৰ বাবে এনপিপি সদায় থিয় দিব বুলি বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে ৷ সংবাদমেলত এনপিপি হিলছ ইউনিটৰ উপ-সভাপতি ৰাজেন তিমুং উপস্থিত আছিল ৷

লগতে পঢ়কঃ বানে জুৰুলা কৰা এখন বিশেষ গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.