ETV Bharat / state

CAA আৰু EIA বাতিলৰ দাবীত বোকাজানত আছুৰ প্ৰতিবাদ - সম্পদৰ অধিকাৰ

শুকুৰবাৰে ENVIRONMENT IMPACT ASSESMENT খচৰাখনৰ বিৰুদ্ধে বোকাজানত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ বোকাজান মহকুমাৰ সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদকাৰীৰ দাবী অনুসৰি, এই আইনখন কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব ৷ আইনখন বাতিল কৰাৰ দাবী জনাইছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

MASSIVE PROTEST BY BOKAJAN AASU AGAINST CAA & EIA
CAA আৰু EIA বাতিলৰ দাবীত বোকাজানত আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 7, 2020, 5:56 PM IST

বোকাজান. 7 আগষ্ট : ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ অখিল গগৈৰ লগতে 'কা' আন্দোলনৰ সকলো কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিবলৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ একেদৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীতো ৰাজ্যৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

CAA আৰু EIA বাতিলৰ দাবীত বোকাজানত আছুৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ পিচত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ENVIRONMENT IMPACT ASSESMENT 2020 চমুকৈ (EIA) খচৰাৰ জৰিয়তে সমগ্ৰ দেশজুৰি এই আইন বলৱৎ কৰিব বিচাৰিছে ৷ যিখন আইনৰ অধীনত চৰকাৰে কেইবাটাও দফা অন্তভূৰ্ক্ত কৰিব বিচৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই আইনখনৰ বিৰুদ্ধে শেহতীয়াকৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন মহল ৷

CAA আৰু EIA বাতিলৰ দাবীত বোকাজানত আছুৰ প্ৰতিবাদ

শুকুৰবাৰে ENVIRONMENT IMPACT ASSESMENT খচৰাখনৰ বিৰুদ্ধে বোকাজানত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ বোকাজান মহকুমাৰ সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদকাৰীৰ দাবী অনুসৰি, এই আইনখন কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব ৷ আইনখন বাতিল কৰাৰ দাবী জনাইছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় বন, জলবায়ু আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে যি EIA (Environment Impact Assessment) আইন কাৰ্যকৰী কৰিব বিচাৰিছে ৷ এই নতুন আইনখন পূৰ্বৰ কেতবোৰ কঠোৰ নীতি-নিয়মক সম্পূৰ্ণৰূপে সলনি কৰি প্ৰস্তুত কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে । কিয়নো এই আইন প্ৰযোজ্য হ’লে সুবিধা লাভ কৰিব পাৰিব বণিয়া গোষ্ঠীয়ে ৷ থলুৱাৰ হাতত আৱদ্ধ থকা সম্পদৰ অধিকাৰৰ ক্ষেত্ৰতো এই আইনে হস্তক্ষেপ কৰিব ৷ সীমান্তৰ সমীপত 100 কিল’মিটাৰ দুৰত্বত পথ নিৰ্মাণত নৰজিব ৰাইজৰ কোনো ওজৰ-আপত্তি বা প্ৰশ্ন ৷ তদুপৰি পাইপলাইন স্থাপনত কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব ৰাইজে ৷

লগতে পঢ়ক : হোজাইত মহিলা নিৰ্যাতন : সহায়ৰ বাবে আগুৱাই আহিল প্ৰনিতা মৰাং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.