ডিফু, 22 আগষ্ট : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত চাঞ্চল্যকৰ ঘটনা ৷ বৃহস্পতি বাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড প্ৰাপ্ত কাৰাবন্দীৰ পলায়ন ৷ তথ্য অনুসৰি ডিফুৰ পানবাৰী নিবাসী আটিফুল ৰহমান ওৰফে চেলিমে নিজ পত্নীৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈ ডিফু কাৰাবাসত সশ্ৰম কাৰাবাস খাটি আছিল ৷ যোৱা ১৯ তাৰিখে বিয়লি ২-৪৫ মিনিটত স্বাস্থ্য পৰীক্ষাৰ হেতু ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰুষৰ চাৰ্জিকেল ৱাৰ্ডৰ ২ নং বিছনাত ভৰ্তি হৈ আছিল ৷ আশ্চৰ্যজনক ভাবে, কাৰাবন্দীজনৰ পহৰাৰ দায়িত্বত এজন হাবিলদাৰ আৰু দুজনকৈ কনিষ্টবল থকা স্বতেও পলাবলৈ সক্ষম হয় কাৰাবন্দী আটিফুল ৰহমান ৷ আৰক্ষীৰ তথ্য অনুসৰি বুধাবাৰে মাজনিশা ১ বজাত কাৰাবন্দীজন পলাই যাবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, যোৱা ২৭ জুলাইত হামৰেণ কাৰাগাৰৰ পৰাও দুজন কাৰাবন্দী পলাই যাবলৈ সক্ষম হৈছিল ৷
আৰক্ষীৰ চকুত ধুলি দি পলাল আচামী!
যোৱা ১৯ তাৰিখে বিয়লি ২-৪৫ মিনিটত স্বাস্থ্য পৰীক্ষাৰ হেতু ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰুষৰ চাৰ্জিকেল ৱাৰ্ডৰ ২ নং বিছনাত ভৰ্তি হৈ আছিল ৷
ডিফু, 22 আগষ্ট : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত চাঞ্চল্যকৰ ঘটনা ৷ বৃহস্পতি বাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড প্ৰাপ্ত কাৰাবন্দীৰ পলায়ন ৷ তথ্য অনুসৰি ডিফুৰ পানবাৰী নিবাসী আটিফুল ৰহমান ওৰফে চেলিমে নিজ পত্নীৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈ ডিফু কাৰাবাসত সশ্ৰম কাৰাবাস খাটি আছিল ৷ যোৱা ১৯ তাৰিখে বিয়লি ২-৪৫ মিনিটত স্বাস্থ্য পৰীক্ষাৰ হেতু ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰুষৰ চাৰ্জিকেল ৱাৰ্ডৰ ২ নং বিছনাত ভৰ্তি হৈ আছিল ৷ আশ্চৰ্যজনক ভাবে, কাৰাবন্দীজনৰ পহৰাৰ দায়িত্বত এজন হাবিলদাৰ আৰু দুজনকৈ কনিষ্টবল থকা স্বতেও পলাবলৈ সক্ষম হয় কাৰাবন্দী আটিফুল ৰহমান ৷ আৰক্ষীৰ তথ্য অনুসৰি বুধাবাৰে মাজনিশা ১ বজাত কাৰাবন্দীজন পলাই যাবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, যোৱা ২৭ জুলাইত হামৰেণ কাৰাগাৰৰ পৰাও দুজন কাৰাবন্দী পলাই যাবলৈ সক্ষম হৈছিল ৷
************************* ডিফু, ২২ আগষ্ট:- আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ অসামৰিক চিকিৎসালয়ৰ পৰা এটা আজীৱন কাৰাদণ্ড প্ৰাপ্ত কয়দী পলায়ণ কৰা কাৰ্যকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ পানবাৰী নিবাসী আটিফুল ৰহমান ওৰফে চেলিম (৪০) নিজ পত্নীৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি ডিফু ন্যায়িক আদালতে আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল ৷ কয়দীজন ডিফু কাৰবাসত সশ্ৰম কাৰাবাস খাটি আছিল ৷ যোৱা ১৯ তাৰিখে বিয়লি ২- ৪৫ বজাত ৰোগ জনিত কাৰণত ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰুষ চাৰ্জিকেল ৱাৰ্ডৰ ২ নং বিছনাত ভৰ্তি হৈ আছিল ৷ কয়দীজনৰ পহৰাৰ দায়িত্বত আছিল এজন হাবিলদাৰ আৰু দুজনকৈ কণিষ্টবল ৷ পহৰাৰ দায়িত্বত কণিষ্টবল দ্বয় আৰু হাবিলদাৰ জনে কোৱামতে কয়দীজনৰ হাতত হেণ্ডকাফ লগোৱাৰ পিছতো হেণ্ডকাফটো কৌশলগত বাবে হাতৰ পৰা সোলোকাই পলাই যাবলৈ সক্ষম হ'ল কয়দীজন ৷ আনহাতে পলায়ণ কৰা কয়দীজনৰ কাষতে থকা বেমাৰী সকলে কোৱামতে পুৱতি নিশা সাৰ পাই কয়দীজনক বিছনাত নেদেখি তেওঁলোকো আচৰিত হৈছিল আৰু আজি মাজনিশা ১ বজাত কয়দীজন পলাই যাবলৈ সক্ষম হয় বুলি কয় ৷ উল্লেখযোগ্য যে যোৱা ২৭ জুলাইত হামৰেণ কাৰাগাৰৰ পৰাও দুজন কয়দী পলাই যাবলৈ সক্ষম হৈছিল ৷
ছাইদুল ইছলাম, ডিফুBody:*********-Conclusion:***********