ডিফু, অক্টোবৰ : অসমৰ বৌদ্ধিক জগতৰ পুৰোধা ব্যক্তি তথা গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডা: অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা গ্ৰন্থ পঢ়াৰ আন্দোলনৰ অংশ হিচাপে ডিফুতো এই আন্দোলনৰ পাতনি মেলা হয় ৷ এই বৌদ্ধিক আন্দোলনৰ অংশৰূপে বৃহস্পতিবাৰে ডিফুৰ জিলা পুথিভঁৰালত দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক সম্বোধন কৰে অমৰজ্যোতি চৌধুৰীয়ে ৷ ডা: চৌধুৰীৰ উপস্থিতিত এই অনুষ্ঠানত উপস্থিত থাকে অধ্যাপক বসন্ত ডেকা, খ্যাতনামা ভাস্কৰ বীৰেন সিংহ, ছাত্ৰনেতা বিপুল ৰাভা আৰু বহু বিশিষ্ট ব্যক্তি ৷ ডিফু ক্লাৱ, আছু আৰু সেউজ নামৰ সংগঠনটোৱে আয়োজন কৰা কিতাপ পঢ়াৰ এই বৌদ্ধিক আন্দোলনত ডিফুৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানৰ চমু ভাষণত শিল্পী বীৰেন সিংহই ডা: চৌধুৰীৰ এই অন্যান্য যাত্ৰাৰ অংশীদাৰ হ’বলৈ পায় ধন্য হোৱা বুলি কোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাই ৷ বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰাই আঁতধৰা অনুষ্ঠানত ডিফু ক্লাৱৰ সম্পাদক দিলীপ দাসে আদৰণী ভাষণ দিয়ে ৷
ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাচীৰ পত্ৰিকা 'সুৱাস'ৰ নতুন সংখ্যাটো এই অনুষ্ঠানতে মুকলি কৰে ডা: চৌধুৰীয়ে ৷ চৌধুৰীয়ে ডিফুৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কিতাপ পঢ়া আন্দোলনৰ প্ৰতি আগ্ৰহ দেখি আপ্লুত হয় ৷ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেখেতৰ লগত জিলা পুথিভঁৰালত আধাঘণ্টা ধৰি কিতাপ পঢ়ি সেই সময়ৰ পৰাই তেখেতৰ বৌদ্ধিক আৰু ব্যতিক্ৰমী আন্দোলনৰ অংশীদাৰ হয় ৷ অনুষ্ঠানত ডিফু ক্লাৱৰ সভাপতি কৰেন দাসে সকলোকে কিতাপ পঢ়াৰ শপত বাক্য পাঠ কৰোৱায় ৷