ডিফু, 18 ফেব্ৰুৱাৰী : কাৰ্বি আংলঙত অব্যাহত আছে ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ সৰবৰাহ । ইয়াৰ মাজতে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলোৱাও দেখা গৈছে । শেহতীয়াকৈ শুকুৰবাৰে আন এক অভিযানত আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 151 কেজি ওজনৰ গাঞ্জা ৷
ঘটনা অনুসৰি, এক গোপন তথ্যৰ ভিত্তিত বোকাজান মহকুমাৰ বৰপথাৰত আৰক্ষীৰ এক বিশেষ নাকা তালাচী বহোৱা হয় ৷ তেনেসময়তে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী MN 04C 0332 নম্বৰৰ এখন গেছ পৰিবাহী ট্ৰাকত অভিযান চলাই প্ৰায় 13 পেকেট গাঞ্জা উদ্ধাৰ কৰে (ganja recovered at Borpathar in Bokajan) ৷
প্ৰায় প্ৰায় দুই লক্ষাধিক টকাৰ এই গাঞ্জাখিনি ট্ৰাকৰ ভিতৰত লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত তিনিজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে (Ganja Suppliers arrested in Bokajan) ৷ আটকাধীন ব্যক্তি কেইগৰাকী ক্ৰমে, হোজাই যোগিজানৰ জয়মণি সিংহা(28), বোকাজান অমৰাজানৰ হাকিম বসুমতাৰী (29), ধেমাজি গোগামুখৰ অমৰজিত সিং (30) বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, শুকুৰবাৰে পুৱা খটখটী থানাৰ অ'চি ৰাজু দুৱৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক আতিকুৰ ৰহমান, চিআৰপিএফৰ দল আৰু বোকাজান আৰক্ষীৰ যৌথ নেতৃত্বত মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা AS 02 AC 8750 নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলাই প্ৰায় 567 গ্ৰাম ওজনৰ নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Two suppliers arrested including Psychotropic substances) ৷
লগতে পঢ়ক : Psychotropic substances seized: খটখটীত নিচাযুক্ত দ্ৰব্য সহ দুজন আটক