ETV Bharat / state

Arms Recovered at Manja: মাঞ্জাত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক নতুনকৈ সংগঠিত বিদ্ৰোহী সংগঠনৰ সদস্য - Huge Quantity of Arms Ammunition Recovered

মাঞ্জাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ৷ আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত ইউপিএফকেঅএল নামৰ নতুনকৈ গঠন হোৱা এটা উগ্ৰপন্থী সংগঠনৰ সদস্যৰ পৰা জব্দ এই অস্ত্ৰ-শস্ত্ৰখিনি ৷

Huge Quantity of Arms Ammunition Recovered
আৰক্ষীৰ অভিযানত বহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
author img

By

Published : Jul 31, 2023, 7:28 AM IST

ডিফু, 31 জুলাই: কেন্দ্ৰ আৰু অসমত শাসনৰ গাদী দখল কৰি থকা বিজেপি চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াৰে অসম তথা উত্তৰ-পূবৰ বহু কেইটা বিদ্ৰোহী সশস্ত্ৰ পথৰ পৰা আঁতৰাই আনিছে যদিও বৰ্তমানেও এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই ৷ বিভিন্ন কাৰণত জংঘললৈ গৈ হাতত বন্দুক তুলি লৈছে একাংশ যুৱকে ৷ জনজাতীয় বিদ্ৰোহ অসমত শেষ হোৱা বুলি চৰকাৰে দাবী কৰিলেও কিন্তু এতিয়াও দুই এটা সংগঠনে গোপনে কাৰ্য-কলাপ চলাই যোৱাৰ তথ্যা মাজে-সময়ে পোৱা যায় ৷

Huge Quantity of Arms Ammunition Recovered
মাঞ্জাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

এইবাৰ ইউনাইটেড পিপুলছ ফ্ৰণ্ট অফ কাৰ্বি আংলং চমুকৈ UPFKL নামৰ এটা সংগঠনে কাৰ্বি পাহাৰত আত্মপ্ৰকাশ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ইতিমধ্যে আৰক্ষী জালত পৰিছে সংগঠনটোৰ দুগৰাকী সদস্য ৷ কাৰ্বি আংলঙৰ মাঞ্জাত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ জালত পৰিছে দুই যুৱক ৷

শুকুৰবাৰে আৰক্ষী আৰু চি 20 চি আৰপিএফে যৌথ অভিযান চলাই মাঞ্জা তিনি আলিত এ এছ ০১ ই এফ ০১৫২ পঞ্জীয়ন নম্বৰৰ এল্ট' বাহনৰ পৰা ইউনাইটেড পিপুলছ ফ্ৰণ্ট অফ কাৰ্বি আংলং চমুকৈ ইউপিএফকেএলৰ ৪১ খন ধনদাবী পত্ৰ উদ্ধাৰ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন লোক কেইজন ক্ৰমে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দিং থানাৰ অন্তৰ্গত ৰংচিজেং গাঁৱৰ ধনচিং ফাংচ'ৰ পুত্ৰ ৰাজেশ ফাংচ' (33), একে জিলাৰ মুথা গাঁৱৰ লংচিং ইংতিৰ পুত্ৰ সঞ্জয় ইমতি (32) বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ জেৰাত ধৃত লোক দুজনে স্বীকাৰ কৰে যে, তেওঁলোকে ইউপিএফকেঅএল নামৰ এটা উগ্ৰপন্থী সংগঠনৰ জন্ম দিছে আৰু সঞ্জয় ইংতি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ বুলি স্বীকাৰোক্তি দিয়ে ৷ ধৃত দুয়োজন লোকে ২৮ জুলাইত তেওঁলোকৰ পৰা জব্দ কৰা এল্ট' বাহনখনৰ তলত বহু পৰিমানৰ মাৰণাস্ত্ৰ লুকাই ৰখা বুলি স্বীকাৰ কৰে ৷

ধৃত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বাহনখৰ তলৰ ফালে কৌশলগতভাবে লুকুৱাই ৰাখি থোৱা অৱস্থাত এটা মেগজিন আৰু ৫ জাঁই সজীৱ গুলীসহ এটা পইণ্ট 9 এম এম পিষ্টল, মেগজিন আৰু ৫ জাঁই সজীৱ গুলী সহ এটা পইণ্ট 22 পিষ্টল, তিনিটা HE হেণ্ড গ্ৰেণেড আৰু দুটা ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আটকাধীন যুৱক দুজনক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত মাঞ্জা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/384/511/ R/W ধাৰা 16/17/18/20 UA (P) ACT ত 27/2023 নম্বৰত গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ULFA(I) Linkman arrested: আৰক্ষীৰ গুলীয়ে ভেদিলে আলফা (স্বাঃ)ৰ লিংকমেলৰ ভৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.