ETV Bharat / state

ডিফুত ভূমিস্খলনত সৰ্বহাৰা বিধবা মহিলা

author img

By

Published : Jul 29, 2020, 4:01 PM IST

বুধবাৰে ভূমিস্খলনৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ ডিফুত ৷ একেৰাহে প্ৰায় 3 ঘন্টা হোৱা বৰষুণৰ ফলত ডিফু চহৰৰ ৰংমিৰ্দান অনাতাঁৰ কেন্দ্ৰৰ পাশ্ববৰ্তী এলেকাত ভূমিস্খলন হৈ এটা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ৷

LANDSLID IN ASSAM KARBI ANGLANG DIPHU
ডিফুত ভূমিস্খলনত সৰ্বহাৰা বিধবা মহিলা

ডিফু, 29 জুলাই : এফালে কৰ'ণা মহামাৰী আৰু আনফালে বানপানীয়ে অসমবাসীক জুৰুলা কৰি থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ভয়াৱহ ঘটনা ৷ বুধবাৰে নিশা একেই অনুৰূপ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ ডিফুত ৷ একেৰাহে প্ৰায় 3 ঘন্টা হোৱা বৰষুণৰ ফলত ডিফু চহৰৰ ৰংমিৰ্দান অনাতাঁৰ কেন্দ্ৰৰ পাশ্বৱৰ্তী এলেকাত ভূমিস্খলন হৈ এটা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ৷

ডিফুত ভূমিস্খলনত সৰ্বহাৰা বিধবা মহিলা

প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰৰ নিশা প্ৰায় 3 ঘণ্টা হোৱা প্ৰৱল বৰষুণৰ ফলত ডিফু অনাতাঁৰ কেন্দ্ৰৰ কাষত পাহাৰত ভূমিস্খলন হৈ পাহাৰৰ নামনিত থকা এটা দৰিদ্ৰ পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় ৷ কায়েট বেপী নামৰ এগৰাকী বিধৱা মহিলাই বজাৰত পাচলি বিক্ৰী কৰি সন্তানসহ উক্ত ঘৰটোত বসবাস কৰি কোনোমতে জীৱিকা নিৰ্বাহ কৰাৰ লগতে সন্তানৰ পঢ়াৰ খৰছ বহন কৰি আছিল ৷ কিন্তু যোৱা নিশাৰ ঘটনাৰ পিচত বৰ্তমান মহিলাগৰাকী আশ্ৰয় ল'বলৈ কোনো ধৰণৰ উপায় নোহোৱা হৈছে ৷ যাৰ বাবে হৃদয়ৱান লোকৰ আৰু চৰকাৰৰ সহায় বিচাৰিছে মহিলা গৰাকীয়ে ৷

লগতে পঢ়ক : গামোচাত জিলিকিছে সৰ্বা-হিমন্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.