ETV Bharat / state

বীণা তেৰাংপীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কাৰ্বি ছাত্ৰ সন্থাৰ - বীণা তেৰাংপীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কাৰ্বি ছাত্ৰ সন্থাৰ

যোৱা 9 আগষ্টত বীণা তেৰাংপীৰ স্বাস্থ্যৰ অবনতি ঘটাত তেখেতক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তাৎক্ষণিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ গুৱাহাটীত তেখেত কৰ’ণাত আক্ৰান্ত বুলি জনোৱাৰ পিছতে চিকিৎসাধী অৱস্থাতে মৃত্যু হয় ৷

Karbi Student Union demands investigation for Diphu COVID 19 patient death
কোভিড 19ত মৃত্যু হোৱা বীণা তেৰাংপীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কাৰ্বি ছাত্ৰ সন্থাৰ
author img

By

Published : Aug 25, 2020, 10:33 PM IST

ডিফু,25 আগষ্টঃ বিগত 18 আগষ্টত গুৱাহাটীত মৃত্যু হোৱা ডিফুৰ বীণা তেৰাংপীৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে তেখেতৰ পৰিয়ালবৰ্গৰ লগতে কাৰ্বি ছাত্ৰ সন্থাই ৷ মঙলবাৰে দিনৰ প্ৰায় এঘাৰ বজাত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত প্ৰতিবাদ সাব্যস্ত কৰে তেখেতৰ পৰিয়ালবৰ্গই ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি যোৱা 9 আগষ্টত তেখেতৰ স্বাস্থ্যৰ অবনতি ঘটাত তেখেতক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেখেতক তাৎক্ষণিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ গুৱাহাটীত তেখেত কৰ’ণাত আক্ৰান্ত বুলি জনোৱাৰ পিছতে চিকিৎসাধী অৱস্থাতে মৃত্যু হয় বীণা তেৰাংপীৰ ৷

বীণা তেৰাংপীৰ পৰিয়ালৰ লোকৰ মন্তব্য

আনহাতে, পৰিয়ালৰ লোকে 19 আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা মৃত্যুৰ প্ৰমাণ পত্ৰত বীণা তেৰাংপীৰ কোভিড ফলাফল নিগেটিভ বুলি উল্লেখ কৰা হৈছে বুলি জনাইছে ৷ লগতে তেখেতৰ কপালত এক গভীৰ আঘাতৰ দাগ থকা বুলিও অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকীক সুদীর্ঘ দিন ধৰি পৰিয়ালৰ লোকে সাক্ষৎ কৰাৰ পৰাও বিৰত ৰখা হয় ৷ এই সমগ্ৰ ঘটনাই তেখেতৰ মৃত্যুক ৰহস্যৰ আৱৰ্তলৈ নিয়া বুলি দাবী পৰিয়ালবৰ্গৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ ৷ এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই ৷

বীণা তেৰাংপীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কাৰ্বি ছাত্ৰ সন্থাৰ

লগতে পঢ়ক-আত্ম সহায়ক গোটৰ দৰে ৰাজনৈতিক দল গঠন কৰি লাভ নাই : পৃথ্বিৰাজ ৰাভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.