ETV Bharat / state

কাৰ্বি আংলঙত নিষিদ্ধ হেৰইন সহ আটক দুই সৰবৰাহকাৰী - মণিপুৰ

বিগত কোইবাদিন ধৰি কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত কাৰ্বি আংলং আৰক্ষীয়ে ধাৰাবাহিক ভাবে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা হেৰইন সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ পিছত পুণৰ সোমবাৰে হেৰইন সহ দুটা সৰবৰাহকাৰী আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

karbi-anglong-drugs-seized
কাৰ্বি আংলঙত নিষিদ্ধ হেৰইন সহ আটক দুই সৰবৰাহকাৰী
author img

By

Published : Aug 31, 2020, 4:24 PM IST

ডিফু, ৩১ আগষ্ট: কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিলে আন এক বৃহৎ সফলতা ৷ বিগত কেইবাদিন ধৰি কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত কাৰ্বি আংলং আৰক্ষীয়ে ধাৰাবাহিকভাবে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা হেৰইন সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ পিছত পুণৰ সোমবাৰে হেৰইন সহ দুটা সৰবৰাহকাৰী আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে পুৱতি নিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী লগতে লাহৰিজান পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজল গগৈ আৰু সংগীয় ষ্টাফ সহ এখন AS 25DC 6816 পঞ্জীয়ন নম্বৰৰ টাটা ডিআই গাড়ীত তালাচী চলাই গাড়ীখনৰ স্পেয়াৰ টায়াৰৰ ভিতৰৰ পৰা ৫৭২ গ্ৰাম ওজনৰ হেৰইন ভৰ্তি ৩৩ টা চাবোনৰ বাকছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লক্ষ্যাধিক টকা হব আৰু ড্ৰাগছ সম্পূৰ্ণ ৰেকেটটো মণিপুৰ আৰু নাগালেণ্ডৰ পৰা নিয়ন্ত্ৰণ হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ পৰীক্ষাত ড্ৰাগছ ডিটেকছন কিটত এইখিনি হেৰইন বুলি নিশ্চিত কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

কাৰ্বি আংলঙত নিষিদ্ধ হেৰইন সহ আটক দুই সৰবৰাহকাৰী

এই সন্দৰ্ভত গোলাঘাট জিলাৰ চুঙাজান থানা এলেকাৰ পাঁচমুখী গাঁৱৰ ছবৰ আলীৰ পুত্ৰ ছাদ্দাম হুছেইন (২৫) আৰু নগাওঁ জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত তজমুল হুছেইনৰ পুত্ৰ কাছেম আলী (২৯) ক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.