ETV Bharat / state

দলদলি বনাঞ্চলত বনকৰ্মীক আক্ৰমণ কৰা দুই যুৱকক গ্ৰেপ্তাৰ - confict between encroacher, forester

কাৰ্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলত বনকৰ্মীক আক্ৰমণ কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিলে মাঞ্জা আৰক্ষীয়ে । দেওবাৰে বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল এগৰাকী বনকৰ্মী । ধৃত যুৱক দুজনক সম্প্ৰতি ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

FORESTER ASSULTED AT DALDALI FOREST
দলদলি বনাঞ্চলত বনকৰ্মীক আক্ৰমণ কৰা দুই যুৱকক গ্ৰেপ্তাৰ
author img

By

Published : Aug 30, 2021, 2:20 PM IST

ডিফু, ৩০ আগষ্ট: বেদখলকাৰীৰ দপদপনিত অসমৰ বনাঞ্চলবোৰ কেনেদৰে সংকুচিত হৈ আহিছে সেয়া সৰ্বজনবিদিত । বেদখলকাৰীয়ে সংৰক্ষিত বনাঞ্চলত কেৱল বসতি স্থাপন কৰাই নহয়, বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰে । কাৰ্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলতো বেদখলকাৰীয়ে অবাধে মূল্যৱান গছ কাটি আহিছে ।

দেওবাৰে পুৱা প্ৰায় ৮.৪০ বজাত বেদখলকাৰীৰ এটা বৃহৎ দলে সংৰক্ষিত বনাঞ্চলখনত প্ৰৱেশ কৰি গছ-গছনি কাটিবলৈ আৰম্ভ কৰে । কিন্তু বনকৰ্মীয়ে তেওঁলোকক বাধা প্ৰদান কৰাত বেদখলকাৰীৰ দলটোৱে বনকৰ্মীকহে উভতি ধৰে । দলটোৱে বনকৰ্মীৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু লগতে তেওঁলোকক বাধা দিলে ভয়াৱহ পৰিণতি হোৱাৰ ভাবুকি দিয়ে ।

এই ঘটনাত এগৰাকী বনকৰ্মী আহত হয় । বেদখলকাৰী আক্ৰমণ কৰাৰ পাছতে বনকৰ্মীৰ তৰফৰ পৰা মাঞ্জা থানাত এজাহাৰ দাখিল কৰা হয় ।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰাহুল টেৰণ ওৰফে আংৰিং ওৰফে চম্পক নামৰ এজন যুৱকৰ লগতে আন এজন যুৱককো গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । মাঞ্জা থানাত এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:মহানগৰীত পালন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.